হোজাই, ০১ অক্টোবৰ (হি.স.)। সুৰৰ মায়া এৰি লাখ লাখ অনুৰাগীক শোকৰ সাগৰত পেলাই কায়িকভাৱে ধৰাৰ বুকুৰ পৰা আঁতৰি যোৱা সুৰৰ সম্ৰাট জুবিন দা বিহীন ১৩ দিন ওকলি গ’ল। আজি বুধবাৰে যোৰহাটত জুবিন দাৰ ৰাজহুৱা আদ্য়শ্ৰাদ্ধৰ আয়োজন কৰা হৈছে। মৰমৰ শিল্পীগৰাকীক সোঁৱৰণ কৰি লংকাৰ বাছ ষ্টেণ্ডত অমৰ শিল্পী জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলি ও আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয়। মংগলবাৰে নিশা পূজাৰ মাজতেই অসমীয়া সমাজৰ ৰীতি-নীতি অনুসৰি দাদাক স্মৰণ তথা আত্মাৰ সদগতি কামনাৰে পুথি পঢ়ি ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়।।
পৰৱৰ্তী সময়ত উক্ত অনুষ্ঠানত জাতি বৰ্ণ নিৰ্বিশেষে লংকাৰ উপস্হিত ৰাইজ তথা দলীয় সংগঠনৰ প্ৰতিনিধিৰ উপস্হিতত আৰু জিপাল হৈ উঠে অনুষ্ঠানটি। উক্ত অনুষ্ঠানত ৰাইজে জুৱিন দাৰ মায়াবিনি গীতটি সকলোৱে মিলি গোৱাৰ লগতে ১ মিনিট মৌন প্ৰাৰ্থনা কৰি জুৱিন গাৰ্গৰ বিদেহী আত্মাৰ সদগতি কামনা কৰে। উক্ত অনুষ্ঠানত জিলাখনৰ একাংশ স্থানীয় লেখক, কবি, সাহিত্যিক, কলেজৰ সহকাৰী অধ্যাপককে আদি কৰি বিশিষ্ট ব্যক্তি সকলে জুৱিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত লিখা কবিতা আবৃত্তিকে ধৰি জুৱিন গাৰ্গৰ প্ৰতি নিজৰ অনুভৱ ব্যক্ত কৰে। পিছত নিশালৈ কাকীৰ পৰা নিমন্ত্রিত হৰি-নামৰ দলৰ জৰিয়তে নাম প্ৰসংগ কৰা পৰিলক্ষিত হয়।
লংকাত দূৰ্গাপূজা চাৱলৈ অহা একাংশ ৰাইজৰ লগতে জুৱিন দাৰ অনুৰাগীয়ে উক্ত অনুষ্ঠানত কিছু পৰলৈ হলেও ৰৈ অমৰ শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে শ্ৰদ্ধাৰে সোঁৱৰা পৰিলক্ষিত হয়। উক্ত অনুষ্ঠানত জুৱিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি দিয়া বহুজনৰ চকু চকুলোৰে ভৰি পৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা