নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰক জনবিৰোধী আখ্যা দি কয় যে কৰ বোজা বৃদ্ধি কৰি জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিয়াৰ কু-অভিপ্ৰায় কৰিছে।
বুধবাৰে এক্সত এক ভিডিঅ’ বাৰ্তাযোগে নড্ডাই কয় যে জি এছ টি সঞ্চয় মহোৎসৱৰ জৰিয়তে মোডী চৰকাৰে ৰাইজক যথেষ্ট সকাহ দি থকাৰ সময়তে হিমাচল প্ৰদেশৰ জনবিৰোধী কংগ্ৰেছ চৰকাৰে কৰ বোজা বৃদ্ধি কৰি জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিয়াৰ কু-অভিপ্ৰায় কৰিছে।
বিজেপিৰ সভাপতি নড্ডাই কয় যে হিমাচল প্ৰদেশে ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন, বানপানীৰ দৰে দুৰ্যোগৰ পৰা উদ্ধাৰৰ চেষ্টা চলাইছে। প্ৰধানমন্ত্ৰী মোডীৰ প্ৰেৰণাত পুনৰ নিৰ্মাণৰ কথা মনত ৰাখি চিমেণ্টৰ মূল্য ₹৩০ হ্ৰাস কৰি চিমেণ্টৰ ওপৰত জি এছ টি সকাহ প্ৰদান কৰা হয়। কিন্তু হিমাচল প্ৰদেশৰ জনসাধাৰণে ইয়াৰ পৰা লাভৱান নহ’ল কাৰণ, মূল্য হ্ৰাস কৰাৰ পৰিৱৰ্তে হিমাচল চৰকাৰে চিমেণ্টৰ দাম বৃদ্ধি কৰিলে। তেওঁ কয় যে হিমাচল প্ৰদেশৰ কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ অধিকাৰ লুট কৰাত ব্যস্ত। যি সময়ত হিমাচল প্ৰদেশে প্ৰাকৃতিক দুৰ্যোগ আৰু অৰ্থনৈতিক সংকটৰ সৈতে যুঁজিছে, সেই সময়ত সাধাৰণ জনতাক সকাহ দিয়াৰ পৰিৱৰ্তে কংগ্ৰেছ চৰকাৰে নিজৰ তহবিল ভৰোৱাত ব্যস্ত। এইটো অনৈতিক আৰু সংবেদনহীন।
নাড্ডাই কয় যে দুৰ্ভাগ্যজনকভাৱে হিমাচল প্ৰদেশত উৎপাদিত চিমেণ্ট চুবুৰীয়া ৰাজ্যত কম মূল্যত বিক্ৰী হোৱাৰ বিপৰীতে একেটা চিমেণ্টেই হিমাচল প্ৰদেশত অধিক মূল্যত বিক্ৰী কৰা হৈছে। কংগ্ৰেছ চৰকাৰ ইমানেই সংবেদনহীন যে চিমেণ্টৰ লগতে পানীৰ বিলতো কৰ বৃদ্ধি কৰিছে। বিদ্যুতৰ বিলো বৃদ্ধি কৰা হৈছে। মোদীয়ে হিমাচল প্ৰদেশৰ জনসাধাৰণক সকাহ দিব বিচাৰিছে, কিন্তু কংগ্ৰেছ চৰকাৰে তেওঁলোকক হাৰাশাস্তি কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া