তেহৰাণ, ০১ অক্টোবৰ (হি.স.)। ইৰাণৰ প্ৰত্যাক্ৰমণত কমেও ১৬ জন ইজৰাইলী পাইলট নিহত হোৱা বুলি দাবী কৰিছে ইৰাণৰ এজন জ্যেষ্ঠ সামৰিক উপদেষ্টাই।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইছলামিক বিপ্লৱৰ নেতা আয়াতুল্লা ছৈয়িদ আলী খামেনেইৰ জ্যেষ্ঠ সামৰিক উপদেষ্টা মেজৰ জেনেৰেল ৰহিম ছাফাৱীয়ে কয় যে যুদ্ধৰ সময়ত ইজৰাইলৰ দখলত থকা ভূখণ্ডত ৫০০ৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল। এই আক্ৰমণৰ ফলত হাইফা আৰু অন্যান্য অঞ্চলত ইজৰাইলৰ ইনষ্টলেশ্যনসমূহৰ বিস্তৰ ক্ষতিসাধন হয় আৰু কমেও ১৬ জন ইজৰাইলী পাইলট নিহত হয়।
ইৰাণৰ ক্ষেপণাস্ত্ৰই ইজৰাইলৰ শোধনাগাৰ, বিদ্যুৎ কেন্দ্ৰ, গৱেষণা কেন্দ্ৰ আদিকো লক্ষ্য কৰি লৈছিল।
ছাফাৱীয়ে কয় যে কিছুমান ক্ষেপণাস্ত্ৰৰ প্ৰভাৱ ইমানেই ব্যাপক আছিল যে ইয়াৰ ফলত ভূমিকম্পৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল, আৰু ধ্বংসলী তিনি কিলোমিটাৰ ব্যাসাৰ্ধ বিস্তৃত। তেওঁ কয় যে ইৰাণৰ সেনাবাহিনী ভৱিষ্যতে যিকোনো সম্ভাৱ্য সংঘাতৰ বাবে সাজু। ইফালে ইৰাণৰ বিষয়াসকলে সকীয়াই দিছে যে দেশখনৰ বিৰুদ্ধে যিকোনো আগ্ৰাসনে তীব্ৰ সঁহাৰি লাভ কৰিব। নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে প্ৰতিটো পদক্ষেপ ল’বলৈ সাজু হৈছে ইৰাণ।
উল্লেখযোগ্য যে ১৩ জুনত ইজৰাইলৰ আক্ৰমণত সামৰিক সেনাপতি আৰু বিজ্ঞানীকে ধৰি ১০০০ৰো অধিক ইৰাণী লোকৰ মৃত্যু হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ