- এই বিত্তীয় বৰ্ষৰ শেষৰ ফালে জিই এৰোস্পেচৰ পৰা ১২টা ইঞ্জিন লাভ কৰাৰ আশা কৰিছে এইচএএল-এ
নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। আমেৰিকান কোম্পানী জি ই এৰ’স্পেছে হিন্দুস্তান এৰ’নটিক্স লিমিটেডক (এইচএএল) চতুৰ্থটো ইঞ্জিন প্ৰদান কৰিছে। অদূৰ ভৱিষ্যতে ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হ’বলগীয়া এল চি এ মাৰ্ক-১এ যুদ্ধ বিমানত ইয়াক ব্যৱহাৰ কৰা হ’ব। চলিত বিত্তীয় বৰ্ষৰ শেষলৈকে ভাৰতে ১২টা জিই-৪০৪ ইঞ্জিন লাভ কৰাৰ সম্ভাৱনা আছে। চলিত বৰ্ষৰ অক্টোবৰৰ ভিতৰত প্ৰথমখন বিমান নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে এইচ এ এলে, ইতিমধ্যে তিনিখন বিমান সাজু হৈছে আৰু চূড়ান্ত পৰীক্ষাৰ বাবে অপেক্ষা কৰি আছে। ইঞ্জিনৰ সৈতে জড়িত মৌলিক সমস্যাসমূহ সমাধান হোৱাৰ লগে লগে এতিয়া বিমান উৎপাদন ত্বৰান্বিত কৰাৰ আশাৰ সৃষ্টি হৈছে।
ভাৰতে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত এইচ এ এলৰ সৈতে ৪৮,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল।এই চুক্তিত ৭৩খন তেজছ মাৰ্ক-১এ জেট আৰু ১০খন ট্ৰেইনাৰ বিমান অন্তৰ্ভুক্ত আছিল। ভাৰতীয় বায়ুসেনাই ২০২৪ চনত প্ৰথমটো বেটচ লাভ কৰাৰ আশা কৰিছিল যদিও জি ই এৰ’স্পেচ (জি ই)-এ এফ-৪০৪ ইঞ্জিনৰ উৎপাদন বন্ধ কৰি দিয়ে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতীয় বায়ুসেনাৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত চলিত বৰ্ষৰ মাৰ্চ মাহত হিন্দুস্তান এৰ’নটিক্স লিমিটেডে এই নতুন বিমানখন ডেলিভাৰী কৰাৰ কথা আছিল। কিন্তু আমেৰিকাৰ পৰা ইঞ্জিন যোগান ধৰাত পলম হোৱাৰ বাবে অপেক্ষাৰ সময় বৃদ্ধি পায়।
বহু অপেক্ষাৰ অন্তত অৱশেষত ২৬ মাৰ্চত ভাৰতলৈ প্ৰথম ইঞ্জিন ডেলিভাৰী কৰিলে কোম্পানীটোৱে। ইয়াৰ পিছত জিইয়ে ১৩ জুলাইত দ্বিতীয়টো ইঞ্জিন ডেলিভাৰী কৰে। এইচ এ এলে ১১ ছেপ্টেম্বৰত এল চি এ মাৰ্ক-১এৰ বাবে তৃতীয়টো জি ই-৪০৪ ইঞ্জিন লাভ কৰে। কোম্পানীটোৱে একে সময়তে ছেপ্টেম্বৰৰ শেষৰ ফালে আন এটা ইঞ্জিন ডেলিভাৰী দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, যিটো মাহৰ শেষৰ দিনটোত ডেলিভাৰী কৰা হৈছিল বুলি আজি এইচ এ এলে নিশ্চিত কৰিছে। ভাৰতে এতিয়া চাৰিটা ইঞ্জিন লাভ কৰিছে, যাৰ ফলত এলচিএ মাৰ্ক-১এ বিমানৰ উৎপাদন আৰু যোগানৰ আশা বৃদ্ধি পাইছে। চলিত বিত্তীয় বৰ্ষৰ শেষলৈকে ভাৰতে ১২টা জিই-৪০৪ ইঞ্জিন লাভ কৰাৰ সম্ভাৱনা আছে। ভাৰতৰ বায়ুসেনাত অন্তৰ্ভুক্ত কৰা ভাৰতৰ থলুৱা লঘু যুদ্ধ বিমানত এই ইঞ্জিন স্থাপন কৰা হ’ব।
এইচ এ এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ ডি কে সুনিলে কয় যে ১ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক মূল্যৰ ১১৩টা জি ই-৪০৪ ইঞ্জিনৰ অৰ্ডাৰৰ বাবে আলোচনা সম্পূৰ্ণ হৈছে আৰু অক্টোবৰ মাহত চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ২৫ ছেপ্টেম্বৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ে দিয়া ৯৭খন এলচিএ মাৰ্ক-১এ যুঁজাৰু বিমানৰ নতুন অৰ্ডাৰত ৬৮খন একক আসনৰ যুঁজাৰু বিমানৰ ইঞ্জিন আৰু ২৯খন টুইন আসনৰ প্ৰশিক্ষক বিমানৰ ইঞ্জিন অন্তৰ্ভুক্ত কৰা হ’ব, ২০২৭-২৮ চনৰ পৰা ডেলিভাৰী আৰম্ভ হ’ব আৰু ছয় বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। চলিত বৰ্ষৰ অক্টোবৰৰ ভিতৰত প্ৰথমখন বিমান নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে এইচ এ এলে, ইতিমধ্যে তিনিখন বিমান সাজু হৈছে আৰু চূড়ান্ত পৰীক্ষাৰ বাবে অপেক্ষা কৰি আছে। তেওঁ উল্লেখ কৰে যে ২০৩২-৩৩ বিত্তীয় বৰ্ষৰ ভিতৰত আমি ১৮০খন বিমানৰ সকলো উৎপাদন সম্পূৰ্ণ কৰিম।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সৈতে নতুন চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এইচ এ এলৰ অধ্যক্ষই কয় যে পূৰ্বৰ অৰ্ডাৰৰ তুলনাত এই অৰ্ডাৰত ৭০ শতাংশ থলুৱা সামগ্ৰী থাকিব, য’ত উপাদান, ধাতু, অতিৰিক্ত অংশ, বা আমি নিৰ্মাণ কৰা আন যিকোনো বস্তুও থাকিব। এই সকলোবোৰ সামগ্ৰী বেছিভাগেই ভাৰতীয় ব্যক্তিগত খণ্ডৰ পৰা যোগান ধৰা হ’ব, যাৰ ফলত যথেষ্ট চাকৰিৰ সৃষ্টি হ’ব। তেওঁ লগতে কয় যে তেওঁলোকে নিজৰ যোগান শৃংখল ৭০ শতাংশলৈ সম্প্ৰসাৰণৰ বাবে চেষ্টা কৰিছে, কিয়নো তেওঁলোকে থলুৱা ৰাডাৰ, ই ডব্লিউ ছুইট, আৰু আন বহুতো সঁজুলি একত্ৰিত কৰিব। তেওঁ লগতে কয় যে চৰকাৰে আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অৰ্ডাৰ দিছে, যিয়ে কেৱল এইচ এ এলৰ ভিতৰতে নহয়, আমাৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰত চাকৰিৰ সৃষ্টি কৰিব।
তেওঁ লগতে কয় যে এইচ এ এলে জি ইৰ এফ-৪১৪ ইঞ্জিনৰ বাবেও ৮০ শতাংশ প্ৰযুক্তি হস্তান্তৰৰ আলোচনাত মিলিত হৈছে, যিয়ে উন্নীতকৃত এল চি এ মাৰ্ক-২ আৰু থলুৱা এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট (এ এম চি এ)ক শক্তি প্ৰদান কৰিব। ডাঃ সুনীলে উল্লেখ কৰে যে জিইয়ে বছৰি ১২টা ইঞ্জিন যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া বিত্তীয় বৰ্ষৰ শেষলৈকে তেওঁলোকে এইবোৰ লাভ কৰাৰ সম্ভাৱনা আছে। এই বছৰ আমি ১০টা ইঞ্জিন লাভ কৰিব পাৰো। বাকী থকা ইঞ্জিনসমূহ অহা বছৰৰ মাৰ্চ মাহৰ ভিতৰত আহিব। আমি ইতিমধ্যে দশম বিমানৰ ফিউজেজ নিৰ্মাণ কৰিছো, আৰু ১১ নং বিমানখন সাজু হৈছে। ইঞ্জিনৰ মৌলিক সমস্যা সমাধান হৈছে, গতিকে এতিয়া উৎপাদন ত্বৰান্বিত হ’ব। জিইয়ে অহা বছৰ ২০টা ইঞ্জিন যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছে, আৰু এই সন্দৰ্ভত শীৰ্ষ ব্যৱস্থাপনাৰে এক বৈঠক অনুষ্ঠিত কৰা হৈছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia