নলবাৰী, ০১ অক্টোবৰ (হি.স.)। শাৰদীয় দুৰ্গা পূৱাৰ আজি মহানৱমী। শাৰদীয় দুৰ্গোৎসৱ উপলক্ষ্যত মা দেৱী দূৰ্গাক সিদ্ধিদাত্ৰী ৰূপত আজি পুজা অৰ্চনা কৰা হয়। ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে দুই হাজাৰ বছৰ পুৰণি নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত ব্যতিক্ৰম ৰূপত কৰি অহা হৈছে মহানৱমী পূজা।
উল্লেখ্য় য়ে আহোম ৰাজত্বৰ দিনৰ পৰা বিল্বেশ্বৰ দেৱালয়ত ব্যতিক্ৰম ৰূপত পূজা চলি আহিছে। আজি মহানৱমীৰ দিনা মা দেৱী দূৰ্গাৰ শ্ৰীচৰণত ৪৮ টাকৈ ম’হ বলি আৰু উচৰ্গা কৰাৰ লগতে অসংখ্য ছাগলী, হাঁহ, পাৰ, কোমোৰা বলি দিয়া হ'ব। ইতিমধ্য়ে বলিৰ বাবে সাঁজু হৈছে সকলো। উল্লেখ্য় যে শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত প্ৰতিপদ তিথিৰ দিনা খনৰ পৰাই আৰম্ভ হৈছে বলি পূজা। উল্লেখ্য় যে ঐতিহাসিক তথা জাগ্ৰত থান ৰূপে পৰিচিত বিল্বেশ্বৰ দেৱালয়ত অষ্টমীৰ দিনাইৰ পৰাই জনতাৰ উথপথপ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে আজি মহানৱমীৰ দিনা পুৱাই বৰষুণে বিধিপথালিৰ সৃষ্টি কৰিছে যদিও যথেষ্ট সংখ্যক ভক্তৰ সমাগম হোৱা দেখা গৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা