কোকৰাঝাৰ, ০১ অক্টোবৰ (হি.স.)। সদ্য অনুষ্ঠিত বিটিচি নিৰ্বাচনত বিপিএফ দলে এক নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ লগতে বিপিএফ দলে গোসাঁইগাঁও মহকুমাৰ পাঁচ পৰিষদীয় সমষ্টিৰ ভিতৰত চাৰি আসনতে বিজয় লাভ কৰিবলৈ সমৰ্থ হৈছে। আজি গোসাঁইগাঁও জিলা বিপিএফৰ কাৰ্যালয়ত চাৰি বিজয়ী প্ৰাৰ্থী ক্ৰমে গুমা সমষ্টিৰ এন্টাজ আলী, যমদুৱাৰ সমষ্টিৰ উইলিয়াম নাৰ্জাৰী, শৰাইবিল সমষ্টিৰ মৃত্যুঞ্জয় নাৰ্জাৰী, কচুগাঁও সমষ্টিৰ ৰবিৰাম নাৰ্জাৰীৰ লগতে সামান্য ভোটৰ ব্যৱধানত পৰাজিত হোৱা শ্ৰীৰামপুৰৰ মোখলেছুৰ ৰহমানক বিভিন্ন দল-সংগঠন, বিপিএফৰ মূল সমিতিৰ লগতে বিভিন্ন মৰ্চাৰ জিলা আৰু প্ৰাইমাৰী পৰ্যায়ৰ বিভিন্ন গোটে সম্বৰ্ধনা জ্ঞাপন কৰে।
গোসাঁইগাঁও জিলা সমিতিৰ সভাপতি শোভাৰাম ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিটিচি নিৰ্বাচনৰ বাবে গোসাঁইগাঁও জিলা সমিতিৱে গঠন কৰা নিৰ্বাচনী পৰিচালনা সমিতিখন ভংগ কৰা হয়। উক্ত অনুষ্ঠানত প্ৰায় দুই শতাধিক বিপিএফ কৰ্মী উপস্থিত থাকে। কচুগাঁও সমষ্টিৰ নৱনিৰ্বাচিত এমচিএলএ তথা বিধায়ক ৰবিৰাম নাৰ্জাৰীৱে এই বিজয়ক ৰাইজৰ বিজয় বুলি অভিহিত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ