বহি ৰাজ্যত দুৰ্ঘটনাত পতিত পশ্চিম কাৰ্বি আংলঙৰ চাৰি গৰাকী শ্ৰমিক নিহত
পশ্চিম কাৰ্বি আংলঙ, ০১ অক্টোবৰ (হি.স.)। সুদূৰ চেন্নাইৰ থিৰুভালুৰ জিলাৰ মিনজুৰত নিৰ্মাণৰত এক ষ্টোৰ হাউচত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। নিৰ্মাণ কাৰ্য্যত কৰ্মৰত অৱস্থাত থকা অসমৰ ৯ গৰাকী শ্ৰমিকৰ মৃত্যু হয় ৷ ইয়াৰে এগৰাকী পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ মুন্না ক
বহি ৰাজ্যত দুৰ্ঘটনাত পতিত পশ্চিম কাৰ্বি আংলঙৰ চাৰি গৰাকী শ্ৰমিক নিহত


পশ্চিম কাৰ্বি আংলঙ, ০১ অক্টোবৰ (হি.স.)। সুদূৰ চেন্নাইৰ থিৰুভালুৰ জিলাৰ মিনজুৰত নিৰ্মাণৰত এক ষ্টোৰ হাউচত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। নিৰ্মাণ কাৰ্য্যত কৰ্মৰত অৱস্থাত থকা অসমৰ ৯ গৰাকী শ্ৰমিকৰ মৃত্যু হয় ৷ ইয়াৰে এগৰাকী পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ মুন্না কেম্প্ৰৰাই বিপৰীতে ২ গৰাকী শ্ৰমিক কাৰ্বি আংলং জিলাৰ ধনশিৰি এলেকাৰ সবৰজিৎ থাউচেন (মিছিবাইলাম ধনশিৰি,), থাইবিদ ফাংল (মিছিবাইলাম ধনশিৰি ) ৰ লগতে এগৰাকী হাওৰাঘাটৰ বিদাউং পৰবছা বুলি জানিব পৰা গৈছে।

সমান্তৰালকৈ আন ৫ গৰাকী লোক হোজাই জিলাৰ বুলি জানিব পৰা গৈছে। যুৱক কেইগৰাকীয়ে কেইবা বছৰ ধৰি চেন্নাইত শ্ৰমিক হিচাবে কাম কৰি আছিল৷ উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰৰ মুন্না কেম্প্ৰৰাই দুৰ্ঘটনা আৰু মৃত্যু হোৱাৰ খবৰ লাভৰ পাছতেই শোকাকূল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত। কেৱল ২২ দিন পূৰ্বে জন্ম হোৱা এটা কন্যা সন্তান আৰু আন এগৰাকী ছয় বছৰীয়া কন্যা সন্তানৰ লগতে পত্নীক এৰি থৈ যোৱা মুন্না কেম্প্ৰৰাইৰ গৃহত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে সকলোৰে চকুত এতিয়া বুজাব নোৱাৰা শোকৰ চকুলো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande