বিহাৰৰ হিষ্ট্ৰী শ্বিটাৰ সুৰেশ যাদৱক হাওৰাত হত্যা
কলকাতা, ০১ অক্টোবৰ (হি.স.)। পশ্চিমবংগৰ হাওৰাত মঙলবাৰে গভীৰ নিশা বন্দুকৰ গুলীৰ শব্দই জনতাক আতংকিত কৰি তোলে । প্ৰায় ৯:৩০ বজাত সন্ধ্যা বজাৰৰ বনো বিহাৰী বসু লেনত ৫৫ বছৰীয়া সুৰেশ যাদৱক লক্ষ্য কৰি বাইক আৰোহী দুজন আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। গুৰুতৰভাৱে
सरसों के खेत में मिला युवती का शव, दुष्कर्म के बाद हत्या की आशंका


কলকাতা, ০১ অক্টোবৰ (হি.স.)। পশ্চিমবংগৰ হাওৰাত মঙলবাৰে গভীৰ নিশা বন্দুকৰ গুলীৰ শব্দই জনতাক আতংকিত কৰি তোলে । প্ৰায় ৯:৩০ বজাত সন্ধ্যা বজাৰৰ বনো বিহাৰী বসু লেনত ৫৫ বছৰীয়া সুৰেশ যাদৱক লক্ষ্য কৰি বাইক আৰোহী দুজন আক্ৰমণকাৰীয়ে গুলীচালনা কৰে। গুৰুতৰভাৱে আহত যাদৱক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

বুধবাৰে পুৱা হাওৰা আৰক্ষী আয়ুক্ত প্ৰবীণ ত্ৰিপাঠীয়ে কয় যে বিহাৰৰ গোপালগঞ্জৰ নিবাসী সুৰেশ যাদৱ মাত্ৰ দুদিন পূৰ্বে হাওৰাত উপস্থিত হৈছিল। তেওঁৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ আছিল। অৱশ্যে তেওঁ নিজৰ অঞ্চলৰ ব্যৱসায়ী হিচাপে পৰিচিত আছিল । তেওঁ প্ৰায় আঠ বছৰ গোপালগঞ্জ জেলত কটাবলগীয়া হৈছিল। আৰক্ষীৰ মতে, যাদৱৰ বিহাৰত অপৰাধমূলক প্ৰতিদ্বন্দ্বিতা আছিল আৰু দুবছৰ পূৰ্বে গোপালগঞ্জতো তেওঁক গুলীওৱা হৈছিল যদিও তেওঁ বাচি গৈছিল।

এই ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰে। হাওৰা চহৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাস্থলীৰ পৰা গুৰুত্বপূৰ্ণ সূত্ৰ সংগ্ৰহ কৰে। প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে আক্ৰমণকাৰীয়ে পৰিকল্পিতভাৱে মটৰ চাইকেলেৰে আহি গুলীচালনা কৰি পলায়ন কৰে।

আৰক্ষীয়ে আশে-পাশে থকা চিচিটিভি ফুটেজ জব্দ কৰি স্থানীয় বাসিন্দাক জেৰা অব্যাহত ৰাখিছে। বিষয়াসকলে কয় যে তেওঁলোকে কিছুমান গুৰুত্বপূৰ্ণ প্ৰমাণ উন্মোচন কৰিছে আৰু অতি সোনকালে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব।

জনবহুল দুৰ্গা পূজা উৎসৱৰ সময়ত ৰাজহুৱা স্থানত সংঘটিত হোৱা এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত আতংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande