এদিনীয়া খেলত ভাৰতৰ হৈ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত দীপ্তি শৰ্মা
গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। মহিলাৰ এদিনীয়া ক্ৰিকেটত ভাৰতৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে অলৰাউণ্ডাৰ দীপ্তী শৰ্মা। প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় নীতু ডেভিদক অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত
विकेट का जश्न मनाती दीप्ति शर्मा व अन्य


গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। মহিলাৰ এদিনীয়া ক্ৰিকেটত ভাৰতৰ দ্বিতীয় সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হৈছে অলৰাউণ্ডাৰ দীপ্তী শৰ্মা। প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় নীতু ডেভিদক অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ উদ্বোধনী মেচত শ্ৰীলংকাৰ বিৰুদ্ধে এই কৃতিত্ব অৰ্জন কৰে দীপ্তিয়ে। প্ৰথমে শ্ৰীলংকাৰ অধিনায়ক চামাৰী আটাপট্টুক আউট কৰাৰ পিছত কাবেছা দিলহাৰীক আউট কৰি ১৪২ সংখ্যক এদিনীয়া উইকেট দখল কৰি নীতু ডেভিদে ১৪১ ৰান কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে অনুষ্কা সঞ্জীৱনীক আউট কৰি উইকেটৰ সংখ্যা ১৪৩ ৰানলৈ বৃদ্ধি কৰে।

ভাৰতে ৫৯ ৰানত জয়লাভ কৰে। দীপ্তিৰ এই প্ৰদৰ্শনে ভাৰতৰ জয়ৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ল, আৰু দলৰ আগত তেওঁ পুনৰবাৰ নিজৰ গুৰুত্ব প্ৰমাণ কৰিলে।

মহিলাৰ এদিনীয়াত ভাৰতৰ হৈ সৰ্বাধিক উইকেট

ঝুলন গোস্বামী – ২৫৫ উইকেট (২০৩ ইনিংছ)

দীপ্তি শৰ্মা – ১৪৩ উইকেট (১১২ ইনিংছ)

নীতু ডেভিদ – ১৪১ উইকেট (৯৭ ইনিংছ)

নুছিন-আল-খাদিৰ – ১০০ উইকেট (৭৭ ইনিংছ)

ৰাজেশ্বৰী গায়কোৱাদ – ৯৯ উইকেট (৬৪ ইনিংছ)

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande