দৰঙত মৃতদেহ উদ্ধাৰ
দৰঙ, ০১অক্টোবৰ (হি.স.)। দৰঙৰ ঐতিহাসিক পদ্মাপুখুৰীত মৃতদেহ উদ্ধাৰ। পদ্মাথান দেৱালয়ৰ দুৰ্গা পূজা মণ্ডপৰ সমীপতে থকা পুখুৰীটোত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো পদ্মাঝাৰ গাঁৱৰ লক্ষীৰাম কলিতা (৭৫)ৰ বুলি চিনাক্ত কৰা হৈছে।কি পৰিস্থিতিত পৰি লোকজন পানীত পৰিল সেই বি
দৰঙত মৃতদেহ উদ্ধাৰ


দৰঙ, ০১অক্টোবৰ (হি.স.)। দৰঙৰ ঐতিহাসিক পদ্মাপুখুৰীত মৃতদেহ উদ্ধাৰ। পদ্মাথান দেৱালয়ৰ দুৰ্গা পূজা মণ্ডপৰ সমীপতে থকা পুখুৰীটোত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো পদ্মাঝাৰ গাঁৱৰ লক্ষীৰাম কলিতা (৭৫)ৰ বুলি চিনাক্ত কৰা হৈছে।কি পৰিস্থিতিত পৰি লোকজন পানীত পৰিল সেই বিষয়ে বৰ্তমানো একো নিশ্চিত কৰি কব পৰা অৱস্থাত নায়।

মৃতদেহটো প্ৰত্য়ক্ষ কৰি স্থানীয় ৰাইজে মঙলদৈ আৰক্ষীক অবগত কৰে। দুদিন ধৰি সন্ধানহীন হৈ আছিল লোক জন।মৃতদেহটোৰ মৰোনত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে মঙলদৈ অসামৰিক চিকিতসালয়লৈ প্ৰেৰণ কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande