নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। উৎসৱৰ বতৰত মুদ্ৰাস্ফীতিৰ প্ৰভাৱ পৰিছে। ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে ১৯ কিলোগ্ৰাম ওজনৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৬ ₹লৈ বৃদ্ধি কৰিছে। কিন্তু ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। বুধবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ।
ইণ্ডিয়ান অইলৰ ৱেবছাইট অনুসৰি ৰাজধানী নতুন দিল্লীত ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য ১৫৮০ ₹ৰ পৰা ১৫৯৫ ₹লৈ বৃদ্ধি পাইছে। কলকাতাত চিলিণ্ডাৰৰ মূল্য ১৬ ₹ বৃদ্ধি পাইছে, এতিয়া ১৭০০ ₹ত উপলব্ধ হৈ আছে।
একেদৰে মুম্বাইত ১৯ কিলোগ্ৰাম ওজনৰ এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৬ ₹ বৃদ্ধি পাই ১৫৪৭ ₹ হৈছে, আনহাতে চেন্নাইত একেটা চিলিণ্ডাৰৰ মূল্য ১৬ ₹ বাঢ়িছে আৰু ১৭৫৪ ₹ত উপলব্ধ হৈছে।
অৱশ্যে ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। এই চিলিণ্ডাৰসমূহ দিল্লীত ₹৮৫৩.০০, কলকাতাত ₹৮৭৯.০০, মুম্বাইত ₹৮৫২.৫০, আৰু চেন্নাইত ₹৮৬৮.৫০ টকাত উপলব্ধ।
মন কৰিবলগীয়া যে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ এই বৃদ্ধিয়ে হোটেল, ৰেষ্টুৰেণ্ট, আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ পকেটত প্ৰভাৱ পেলাব পাৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ