উত্তৰ গুৱাহাটীৰ বিভিন্ন পুজা মণ্ডপ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। আজি নৱমী । প্ৰত্যেকবাৰৰ দৰে চলিত দুৰ্গাপুজা মহোতসৱত উত্তৰ গুৱাহাটীৰ বিভিন্ন পূজা মণ্ডপত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিদৰ্শন কৰে । দুৰ্গতিনাশিনী দেৱী দূৰ্গাৰ শ্ৰীচৰনত আশীষ লৈ স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় ক
উত্তৰ গুৱাহাটীৰ বিভিন্ন পুজা মণ্ডপ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ


গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। আজি নৱমী । প্ৰত্যেকবাৰৰ দৰে চলিত দুৰ্গাপুজা মহোতসৱত উত্তৰ গুৱাহাটীৰ বিভিন্ন পূজা মণ্ডপত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিদৰ্শন কৰে । দুৰ্গতিনাশিনী দেৱী দূৰ্গাৰ শ্ৰীচৰনত আশীষ লৈ স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰীক কাষত পায় উৎফুল্লিত ৰাইজে উঠিলে ফটো আৰু চেলফি ।

উত্তৰ গুৱাহাটীৰ আমিনগাঁও, জয়গুৰু, গৌৰীপুৰ, ৰংমহল, অভয়পুৰ, মধ্যমখণ্ড আদি পূজা মণ্ডপত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাইজক পূজাৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু ৰাইজৰ সৈতে মতবিনিময় কৰে ।

পুৱাৰ ভাগত অহা নেৰানেপেৰা বৰষুণৰ ফলত দুৰ্গাপুজাৰ উৎসাহ কিছু পৰিমানে ম্লান পৰে যদিও পিছত বতৰ কিছু পৰিমাণে উন্নত হোৱাত ৰাইজৰ উৎসাহ দুগুন বৃদ্ধি পায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande