বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত পথৰ দাঁতিত যুৱকৰ মৃতদেহ উদ্ধাৰ
চিৰাং, ০১ অক্টোবৰ (হি.স.)। শাৰদীয় দুৰ্গাপূজাৰ আনন্দৰ মাজতেই চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত পথৰ দাঁতিত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আজি বুধবাৰে ৰাতিপুৱা স্থানীয় লোকে বাসুগাঁও-কাশিকোত্ৰা গড়কাপ্তানী পথৰ দাঁতিত যুৱক জনৰ মৃতদেহ
বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত পথৰ দাঁতিত যুৱকৰ মৃতদেহ উদ্ধাৰ


চিৰাং, ০১ অক্টোবৰ (হি.স.)। শাৰদীয় দুৰ্গাপূজাৰ আনন্দৰ মাজতেই চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত পথৰ দাঁতিত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আজি বুধবাৰে ৰাতিপুৱা স্থানীয় লোকে বাসুগাঁও-কাশিকোত্ৰা গড়কাপ্তানী পথৰ দাঁতিত যুৱক জনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় ।

পিছত মৃত যুৱক জনৰ লগত থকা নথিপত্ৰ অনুসৰি মৃত যুৱকজনক বঙাইগাঁও চহৰৰ বাবুপাৰাৰ সুৰজ সাহা (৩১) বুলি চিনাক্ত কৰা হৈছে । আনহাতে

খবৰ লাভ কৰি বাসুগাঁও থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। যুৱক জনৰ কি পৰিস্থিতিত মৃত্যু সেয়া জানিব পোহৰলৈ অহা নাই । লগতে যুৱকজনে বঙাইগাঁও চহৰৰ বাবুপাৰাৰ পৰা চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ গয়বাৰীত পথ কেনেদৰে আহি পালে সেই বিষয়ে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande