ফকিৰাগ্ৰামৰ বিভিন্ন দুৰ্গা পূজা সমিতি লৈ বিপিএফৰ জয়ী প্ৰাৰ্থী এজামুল হক তৰফৰ পৰা আৰ্থিক অনুদান প্ৰদান
শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ জয়ী প্ৰাৰ্থী এজামুল হকে।
ফকিৰাগ্ৰামৰ বিভিন্ন দুৰ্গা পূজা সমিতি লৈ বিপিএফৰ জয়ী প্ৰাৰ্থী এজামুল হক তৰফৰ পৰা আৰ্থিক অনুদান প্ৰদান


কোকৰাঝাৰ, ০১ অক্টোবৰ (হি.স.): শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰি আৰ্থিক সহায়তা আগবঢ়াইছে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ জয়ী প্ৰাৰ্থী এজামুল হকে। শাৰদীয় দুৰ্গোৎসৱৰ আজি নৱমীৰ দিনা ফকিৰাগ্ৰামৰ বিভিন্ন অঞ্চলৰ বিভিন্ন দুৰ্গা পূজা মণ্ডপ পৰিভ্ৰমণ কৰে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ জয়ী প্ৰাৰ্থী এজামুল হকে।

পাৰিষদগৰাকীয়ে পুজা মণ্ডপত সমিতিৰ প্ৰতিনিধিৰ লগত আলোচনা কৰাৰ লগতে বিপিএফ দলৰ তৰফৰ পৰা আয়োজক সমিতিসমূহলৈ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ জয়ী প্ৰাৰ্থী এজামুল হকে কিছু আৰ্থিক অনুদান প্ৰদান কৰে। এইক্ষেত্ৰত পূজা সমিতিসমূহৰ তৰফৰ পৰা তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰা হয়।

ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ জয়ী প্ৰাৰ্থী এজামুল হকৰ লগতে বিপিএফৰ ফকিৰাগ্ৰাম ব্লক সমিতিৰ সম্পাদক পুলকেশ ৰায় আৰু বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande