নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ডা০ কেশৱ বলিৰাম হেডগেৱাৰক ভাৰতৰত্ন বঁটা প্ৰদান কৰিবলৈ দাবী জনাইছে। এই সন্দৰ্ভত মৰ্চাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এখন পত্ৰ লিখিছে।
ছিদ্দিকিয়ে চিঠিখনত লিখিছে যে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ স্বাধীনতা সংগ্ৰামী তথা ৰাষ্ট্ৰ-নিৰ্মাণৰ পথ প্ৰদৰ্শক ড° কেশৱ বলিৰাম হেডগেৱাৰক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰা উচিত। এই দাবী কেৱল তেওঁৰ অতুলনীয় অৱদানক সন্মান জনোৱাৰ বাবেই নহয়, নৱপ্ৰজন্মৰ মাজত ৰাষ্ট্ৰীয়তাবাদৰ প্ৰেৰণা যোগোৱাৰ বাবেও অপৰিহাৰ্য।
তেওঁ উল্লেখ কৰে যে ডা° হেডগেৱাৰৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১ এপ্ৰিলত নাগপুৰৰ ব্ৰাহ্মণ পৰিয়ালত। সৰুৰে পৰা দেশপ্ৰেমিক আছিল। স্কুলীয়া দিনত তেওঁ বন্দে মাতৰম ধ্বনি দি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু স্বাধীনতাৰ বাবে কণ্ঠ সুদৃঢ় কৰিছিল। কলিকতাত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণৰ সময়ত তেওঁ অনুশীলন সমিতিত যোগদান কৰে, য'ত তেওঁ বংকিম চন্দ্ৰ চেটাৰ্জী আৰু বিনায়ক দামোদৰ সাৱৰকাৰৰ দৰে চিন্তাবিদৰ দ্বাৰা অনুপ্ৰাণিত হয়। ১৯২১ চনত কাটোল আৰু ভাৰতৱাড়াত তেওঁৰ ভাষণত দেশদ্ৰোহৰ অভিযোগত ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰি এবছৰৰ কাৰাদণ্ড বিহা হয়। একেদৰে ১৯৩০ চনৰ জংঘল সত্যগ্ৰহৰ সৈতে জড়িত হৈ তেওঁ ৯ মাহ কাৰাবাস খাটিছিল যদিও তেওঁৰ অধ্যৱসায় অদম্য হৈয়েই থাকিল। ১৯২৫ চনত ডা° হেডগেৱাৰে নাগপুৰত আৰ এছ এছ প্ৰতিষ্ঠা কৰে, যিটো আজি ভাৰতৰ সৰ্ববৃহৎ সাংস্কৃতিক আৰু সামাজিক সংগঠন। ১৯৪০ চনৰ ২১ জুনত ডা° হেডগেৱাৰৰ মৃত্যু হয় যদিও তেওঁৰ ধাৰণা আৰু সংগঠনে ভাৰতৰ ভেটি সুদৃঢ় কৰি ৰাখিছে।
তেওঁ কয় যে ডা° হেডগেৱাৰৰ অৱদান বিবেচনা কৰিলে তেওঁক ভাৰতৰত্ন প্ৰদান কৰাটো অত্যন্ত উপযুক্ত হ’ব। এই সন্মানে তেওঁৰ ব্যক্তিগত ত্যাগৰ স্বীকৃতি দিয়াই নহয়, বেনামীভাৱে জাতিটোৰ সেৱা কৰা সকলো স্বেচ্ছাসেৱককো অনুপ্ৰাণিত কৰিব। বৰ্তমানৰ প্ৰেক্ষাপটত যেতিয়া জাতীয়তাবাদ আৰু সাংস্কৃতিক ঐক্যৰ প্ৰয়োজন হ’ব, তেতিয়া এই পদক্ষেপ প্ৰেৰণাদায়ক বুলি প্ৰমাণিত হ’ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া