সৰভোগ পৌৰসভাৰ উদ্যোগত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা
বৰপেটাए ০১ অক্টোবৰ (হি.স.)। আজি জুবিন গাৰ্গৰ প্ৰয়াণৰ ১৩তম দিন । আজি যোৰহাটত আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উপলক্ষে যোৰহাটৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিশেষ অনুষ্ঠানৰ । ১৩ দিনীয়া আদ্যশ্ৰাদ্ধৰ
সৰভোগ পৌৰসভাৰ উদ্যোগত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ লগতে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা


বৰপেটাए ০১ অক্টোবৰ (হি.স.)। আজি জুবিন গাৰ্গৰ প্ৰয়াণৰ ১৩তম দিন । আজি যোৰহাটত আয়োজন কৰা হৈছে জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ।

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উপলক্ষে যোৰহাটৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিশেষ অনুষ্ঠানৰ । ১৩ দিনীয়া আদ্যশ্ৰাদ্ধৰ দিনটোত বৰপেটাৰ সৰভোগত অনুষ্ঠিত হৈছে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা।

সৰভোগ পৌৰসভাৰ উদ্যোগত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত বৌদ্ধ, শিখ, জৈন, খৃষ্টান, জৈন, হিন্দু, মুছলমান, ধৰ্মৰ ধৰ্ম গুৰুসকল উপস্থিত হৈ জুবিন গাৰ্গৰ আত্মাৰ সদ্গতি কামনাৰে প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰে।

সৰভোগৰ উত্তৰ গণকগাড়ী কালীমন্দিৰ চৌহদত অনুষ্ঠিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাখনত সৰভোগ পৌৰসভাৰ পৌৰপতি মালবিকা দাস, উপ-পৌৰপতি সম্পদ দাসকে ধৰি সকলো ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ আৰু জুবিন অনুৰাগী ৰাইজ উপস্থিত থাকে। সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পিচতে নামপ্ৰসংগ আৰম্ভ হয় ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande