উত্তৰ গুৱাহাটী স্থিত প্ৰথম অসম আৰক্ষী কমাণ্ডো বেটেলিয়ন শিবিৰত ৰাজ্যিক ভিত্তিত উদযাপিত আৰক্ষী দিৱস
গুৱাহাটী, ০১অক্টোবৰ (হি.স.)। আজি ১ অক্টোবৰ, অসম আৰক্ষী দিৱস । সেই উপলক্ষে উত্তৰ গুৱাহাটীৰ মান্দাকাটা স্থিত প্ৰথম অসম আৰক্ষী কমাণ্ডো বেটেলিয়ন শিবিৰত ৰাজ্যিক ভিত্তিত উদযাপিত হয় আৰক্ষী দিৱস । প্ৰতিকুল বতৰকো নেওচি অনুষ্ঠিত হোৱা অসম আৰক্ষী দিৱসত উপস্
উত্তৰ গুৱাহাটী স্থিত প্ৰথম অসম আৰক্ষী কমাণ্ডো বেটেলিয়ন শিবিৰত ৰাজ্যিক ভিত্তিত উদযাপিত আৰক্ষী দিৱস


গুৱাহাটী, ০১অক্টোবৰ (হি.স.)। আজি ১ অক্টোবৰ, অসম আৰক্ষী দিৱস । সেই উপলক্ষে উত্তৰ গুৱাহাটীৰ মান্দাকাটা স্থিত প্ৰথম অসম আৰক্ষী কমাণ্ডো বেটেলিয়ন শিবিৰত ৰাজ্যিক ভিত্তিত উদযাপিত হয় আৰক্ষী দিৱস । প্ৰতিকুল বতৰকো নেওচি অনুষ্ঠিত হোৱা অসম আৰক্ষী দিৱসত উপস্থিত থাকে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যকে ধৰি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং সহ উপস্থিত থাকে ৰাজ্যৰ ভালেসংখ্যক শীৰ্ষ আৰক্ষী বিষয়া ।

আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সকলো আৰক্ষীকে অসমবাসীৰ বাবে নিষ্ঠা আৰু সততাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত আৰক্ষী সকলক শপত বাক্য পাঠ কৰোৱাৰ লগতে সামূহিক পেৰেড আৰু সামৰিক কলা প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই সকলো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰাৰ লগতে শিল্পী গৰাকীৰ মৃত্যুত আৰক্ষীয়ে পালন কৰি অহাৰ কথা দোহাৰে সঞ্চালক প্ৰধান গৰাকীয়ে ।

আনহাতে সাংবাদিকে শুধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে বাছি দিয়া সময় সীমাৰ বিপৰীতে আলফা স্বাধীনে বান্ধি দিয়া ৪৮ ঘণ্টা সময় সীমাৰ ভিতৰতে শ্যামকানু মহন্ত গ্ৰেপ্তাৰ ক্ষেত্ৰত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে কোনো মত পোষণ কৰা দেখা নগল । লগতে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰে গঠন কৰি দিয়া এছআইটি য়ে পৰ্য্যায় ক্ৰমে কাম কৰি যোৱাৰ আশ্বাস প্ৰদান কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande