কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী মহানগৰীৰ বিভিন্ন পথ, উপপথ
গুৱাহাটী,০১ অক্টোবৰ(হি.স.)। গুৱাহাটী মহানগৰীত আজি পুৱা অহা প্ৰচণ্ড বৃষ্টিপাতে ৰাজপথ নদীলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে এক বিশৃংখলতাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ছয় মাইলৰ পৰা পাত্থৰকুৱাৰী, চান্দমাৰী আৰু ভিআইপি ৰোডৰ কাষৰ পথ সমূহ কঁকাললৈকে পানীয়ে ঘাইপথ সমূহ বুৰ
কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী মহানগৰীৰ বিভিন্ন পথ, উপপথ


গুৱাহাটী,০১ অক্টোবৰ(হি.স.)। গুৱাহাটী মহানগৰীত আজি পুৱা অহা প্ৰচণ্ড বৃষ্টিপাতে ৰাজপথ নদীলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে এক বিশৃংখলতাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ছয় মাইলৰ পৰা পাত্থৰকুৱাৰী, চান্দমাৰী আৰু ভিআইপি ৰোডৰ কাষৰ পথ সমূহ কঁকাললৈকে পানীয়ে ঘাইপথ সমূহ বুৰাই পেলায়। ইফালে লাল গণেশ, লখৰা ওডালবাক্ৰা, দক্ষিণ গাঁৱতো একাংশ পথ পানীত বুৰ যায়। ফলত বাহন সমূহ পথৰ মাজত আবদ্ধ হৈ পৰে। শাৰদীয় দুৰ্গাপুজাৰ মাজতে বজাৰ সমাৰ কৰিব আৰু অন্যান্য জৰুৰি কামৰ বাবে ওলোৱা মহানগৰবাসী বানপানীৰ বাবে অপ্ৰস্তুত পৰিস্থিতিৰ মাজত আবদ্ধ হৈ পৰে।

মহানগৰৰ কৃত্ৰিম বানপানীত পথৰ মাজত গাড়ীসমূহ আধা ডুব গৈ পৰি আছিল, মটৰ চাইকেলবোৰ পানীভৰ্তি পথৰ মাজত আবদ্ধ হৈ পৰিছিল আৰু দুচকীয়া বাহন আৰোহী সকলে উপায়হীন হৈ পানীৰ মাজেৰে খোজ কাঢ়ি আগবাঢ়িব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিল। পথচাৰী সকলে আঠুলৈ আৰু কঁকাল পৰ্যন্ত পানীত সাৱধানে আগবাঢ়িছিল, আনহাতে মহানগৰীৰ দ আৱাসিক অঞ্চল সমূহো একেদৰেই প্ৰভাৱিত হৈছিল, ফলত বিঘিনি আৰু অসহায়তাৰ অনুভূতি বৃদ্ধি পাইছিল। দুৰ্গা পূজাৰ মহানৱমীৰ দিনাই এইদৰে এজাক মুষলধাৰ বৰষুণে পূজাৰ আনন্দ স্তিমিত কৰি তোলে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande