পুনৰ বহিঃৰাজ্যত মুত্যু এগৰাকী অসমীয়া যুৱকৰ
পুনৰ বহিঃৰাজ্যত মুত্যু হৈছে এগৰাকী অসমীয়া যুৱকৰ ।
পুনৰ বহিঃৰাজ্যত মুত্যু এগৰাকী অসমীয়া যুৱকৰ


বৰপেটা, ০১ অক্টোবৰ (হি.স.): পুনৰ বহিঃৰাজ্যত মুত্যু মুখত পৰিছে এগৰাকী অসমীয়া যুৱক । বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ৪ নং বাঘমাৰাচৰ গাঁৱৰ জবান আলী নামৰ যুৱকজন হায়দৰাবাদলৈ কৰ্মৰ সন্ধানত গৈছিল যদিও যোৱাকালি তাতে তেওঁৰ মৃত্যু হোৱাৰ খৱৰ আহিছে।

জানিব পৰামতে, দুমাহ পূৰ্বে কামৰ বাবে হায়দৰাবাদলৈ গৈছিল বৰপেটা জিলাৰ চেঙাৰ ৪ নং বাঘমাৰাচৰ গাঁৱৰ জবান আলী নামৰ যুৱকজন। যোৱাকালি তাতে তেওঁৰ মৃত্যু হোৱাৰ খৱৰ আহিছে। পৰিয়ালৰ দৰিদ্ৰতাৰ বাবে কৰ্মসূত্ৰে হায়দৰাবাদলৈ যোৱা যুৱকজনৰ উচ্চৰক্তচাপ জনিত কাৰণত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ কথা ব্যক্ত কৰিছে পৰিয়ালৰ লোকে। যুৱকজনৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে কান্দোনত ভাঙি পৰিছে আত্মীয় স্বজনে।

ইপিনে টকাৰ অভাৱত যুৱকজনৰ মৃতদেহটো ঘৰলৈ আনিব পৰা নাই দৰিদ্ৰ পৰিয়ালটোৱে। সেয়ে মৃতদেহটো ঘৰলৈ অনাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক শ্বেৰমান আলী আৰু সাংসদ ৰকিবুল হুছেইনক অনুৰোধ জনাইছে পৰিয়ালটোৱে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande