টকিঅ’, ০১ অক্টোবৰ (হি.স.)। বিশ্বৰ ১ নং টেনিছ খেলুৱৈ স্পেইনৰ কাৰ্লোছ আলকাৰাজে এই সপ্তাহত অনুষ্ঠিত হ’বলগীয়া চাংহাই মাষ্টাৰছৰ পৰা আঁতৰি আহিছে। জাপান অ’পেনত জয়লাভ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে তেওঁ এই কথা ছ’চিয়েল মিডিয়াত ঘোষণা কৰে।
স্পেনিছ তাৰকাগৰাকীয়ে লিখিছে, এই বছৰ ৰলেক্স চাংহাই মাষ্টাৰছত খেলিব নোৱাৰিম বুলি ঘোষণা কৰি মই অতি হতাশ হৈছো। দুৰ্ভাগ্যজনকভাৱে মই কিছুমান শাৰীৰিক সমস্যাৰ সৈতে যুঁজি আহিছো, আৰু মোৰ দলৰ সৈতে আলোচনাৰ অন্তত আমি জিৰণি লৈ সুস্থ হোৱাৰ সিদ্ধান্ত লৈছো।
শেহতীয়াকৈ ইউ এছ অ’পেনৰ চেম্পিয়ন আলকাৰাজে লগতে কয়, চাংহাইত আচৰিত অনুৰাগীৰ সন্মুখত খেলিবলৈ পাই মই উৎসাহিত হৈছিলো। মই আশা কৰিছো যে অহা বছৰ সোনকালে ঘূৰি আহি মোৰ চীনা অনুৰাগীসকলক লগ পাম।
টকিঅ’ত অনুষ্ঠিত জাপান অ’পেনৰ উদ্বোধনী মেচত আলকাৰাজে গোৰোহাত আঘাত পাইছিল। কিন্তু তেওঁ হাতৰ কব্জিত বেণ্ডেজ লৈ খেলি থাকিল আৰু ফাইনেলত আমেৰিকান টেইলৰ ফ্ৰিট্জক ৬-৪, ৬-৪ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰে।
চূড়ান্ত জয়ৰ পিছত আলকাৰাজে কয় যে সপ্তাহটোৰ আৰম্ভণি মোৰ গোৰোহাৰ বাবে কঠিন আছিল, কিন্তু মই সঁচাকৈয়ে সুখী যে মই কেনেকৈ ঘূৰি আহিলোঁ আৰু কিছুমান ডাঙৰ মেচ খেলিলোঁ।
২২ বছৰীয়া আলকাৰাজে এই ছিজনৰ অষ্টমটো খিতাপ লাভ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া