জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক অখিল-গৌৰৱ আৰু লুৰিণজ্যোতি গগৈয়ে ৰাজনীতি কৰিব বিচাৰিছেঃবিজেপি
বাক্সা, ০১ অক্টোবৰ (হি.স.)। ''পলিটিক্স নকৰিবা বন্ধু ....!''অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ কথাৰে অখিল,গৌৰৱ আৰু লুৰিণজ্যোতি গগৈক এই আহ্বান অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ । গোৰেশ্বৰৰ বেতনা ৰাজহুৱা দূৰ্গা পূজাত উপস্থিত হৈ সভাপতি
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক অখিল-গৌৰৱ আৰু লুৰিণজ্যোতি গগৈয়ে ৰাজনীতি কৰিব বিচাৰিছেঃবিজেপি


বাক্সা, ০১ অক্টোবৰ (হি.স.)। 'পলিটিক্স নকৰিবা বন্ধু ....!'অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতৰ কথাৰে অখিল,গৌৰৱ আৰু লুৰিণজ্যোতি গগৈক এই আহ্বান অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ । গোৰেশ্বৰৰ বেতনা ৰাজহুৱা দূৰ্গা পূজাত উপস্থিত হৈ সভাপতি শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক অখিল-গৌৰৱ আৰু লুৰিণজ্যোতি গগৈয়ে ৰাজনীতি কৰিব বিচাৰিছে।

কিন্তু অসমৰ ৰাইজ ইমান বুৰ্বক নহয় যে তেওঁলোকৰ কথা ৰাইজে শুনিব। সভাপতি শইকীয়াই লগতে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছৰ পৰিস্থিতি অসমত নহৈ অন্য ৰাজ্যত হোৱা হলে নেপাল সদৃশ পৰিবেশৰ সৃষ্টি হলহেঁতেন বুলি গৌৰৱ গগৈয়ে কৈছে। তাৰ মানে তেওঁলোকে অসমত নেপালৰ দৰে পৰিস্থিতি হোৱাতো কামনা কৰিছে। তেওঁলোকে চৰকাৰক ভাবুকি দি আছে। কিন্তু চৰকাৰ ইমান দূৰ্বল নহয়।

ইফালে বিটিচি নিৰ্বাচনত বিজেপিৰ আসনৰ সংখ্যা হ্ৰাস পাইছে যদিও ভোটাৰ ৰাইজৰ সমৰ্থনৰ সংখ্যা বৃদ্ধি পাইছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande