ডিব্ৰুগড়, ০১ অক্টোবৰ (হি.স.)। টিংখাঙত অসমীয়াৰ প্ৰাণৰ স্পন্দন প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। প্ৰিয় শিল্পী গৰাকীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে নাম প্ৰসংগ, গায়ন-বায়ন ৰ পবিত্ৰ ধ্বনিৰে মুখৰিত হৈ পৰে টিংখাঙৰ নাচনী পোৰাণি ডিমৌপৰীয়া গাঁও। টিংখাঙৰ নাচনী পোৰাণি গাঁৱৰ ৰাইজৰ সহযোগত ধৰ্মীয় মাংগলিক নীতি- নিয়মেৰে এই আদ্যশ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰা হয় ।
পোৰাণি ডিমৌপৰীয়া যুৱ সংঘৰ খেলপথাৰত অনুষ্ঠিত হোৱা আদ্যশ্ৰাদ্ধ অনুষ্ঠানত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে অঞ্চলটোৰ সকলো স্তৰৰ লোক তথা ভকত বৈষ্ণৱ উপস্থিত থাকে। আদ্যশ্ৰাদ্ধ স্থলীৰ পৰাই জয় জুবিন দা, জুবিন দা অমৰ হওক ধ্বনি দি জুবিন গাৰ্গ অমৰ হোৱাৰ কামনা কৰাৰ লগতে সমূহ ৰাইজে একেলগে পৰিৱেশন কৰিলে মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটি।
আদ্যশ্ৰাদ্ধ অনুষ্ঠানত উপস্থিত থাকি প্ৰয়াত শিল্পী গৰাকীক স্মৰণ কৰি শিল্পী গৰাকীৰ মৃত্যুৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক ক্ষিপ্ৰ আৰু সঠিক তদন্ত চলাই তেওঁলোকক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে স্থানীয় লোক সকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা