নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে বুধবাৰে বিমান ইন্ধনৰ (এটিএফ) মূল্য তিনি শতাংশতকৈ অধিক বৃদ্ধি কৰে। তেল বিপণন কোম্পানীসমূহে বিশ্বৰ মানদণ্ড অনুসৰি বিমান ইন্ধনৰ মূল্য সংশোধন কৰে। বুধবাৰৰ পৰা কাৰ্যকৰী হয় এই নতুন হাৰ।
আই অ’ চিৰ ৱেবছাইটৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত বিমান ইন্ধনৰ (এ টি এফ) মূল্য প্ৰতি কিলোলিটাৰত ৩,০৫২.৫ টকা অৰ্থাৎ ৩.৩ শতাংশ বৃদ্ধি পাই প্ৰতি কিলোলিটাৰত ৯৩,৭৬৬.০২ টকা হৈছে। যোৱা মাহত ১.৪ শতাংশ অৰ্থাৎ প্ৰতি কিলোলিটাৰত ১৩০৮.৪১ টকা হ্ৰাস পোৱাৰ পিছতে এই বৃদ্ধিৰ ফলত এটিএফৰ মূল্য বৃদ্ধি পাইছে।
দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত প্ৰতি কিলোলিটাৰ এটিএফৰ মূল্য ৮৪,৮৩২.৮৩ টকাৰ পৰা ৮৭,৭১৪.৩৯ টকালৈ বৃদ্ধি পাইছে। চেন্নাই আৰু কলকাতাত প্ৰতি কিলোলিটাৰত ক্ৰমে ৯৬,৮১৬.৫৮ আৰু ৯৭,৩০২.১৪ টকা হয়। স্থানীয় কৰ যেনে ভেটৰ ওপৰত নিৰ্ভৰ কৰি চহৰভেদে মূল্য বেলেগ বেলেগ হয়।
জেট ইন্ধনৰ মূল্য হ্ৰাসে বাণিজ্যিক বিমান সংস্থাসমূহৰ ওপৰত বোজা বৃদ্ধি কৰিব, কিয়নো ইন্ধনে তেওঁলোকৰ পৰিচালনা ব্যয়ৰ প্ৰায় ৪০% ভাগ লয়। অৱশ্যে তাৎক্ষণিকভাৱে কোনো মন্তব্য বিমান সংস্থাসমূহৰ পৰা পোৱা নগ’ল।
हिन्दुस्थान समाचार / অৰৱিন্দ