বেংগালুৰু, ০১ অক্টোবৰ (হি.স.)। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ স্বাস্থ্যৰ বুধবাৰে হঠাতে অৱনতি ঘটে। আৰু লগে লগে তেওঁক বেংগালুৰুৰ এম এছ ৰমাইয়া হাস্পতালত ভৰ্তি কৰোৱা হয়।
সূত্ৰই জনোৱা মতে, বিহাৰকে ধৰি শেহতীয়া ভ্ৰমণৰ বাবে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ অসুবিধাত ভোগ কৰাৰ কথা উত্থাপন কৰাৰ পিছতে খৰ্গেক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকে নিয়মীয়াকৈ পৰীক্ষা আৰু ইচিজি পৰীক্ষা কৰিছিল। জানিব পৰামতে, আজিও চিকিৎসালয়ত থাকিব খৰ্গে।
ইফালে কংগ্ৰেছৰ এগৰাকী নেতাই দলৰ সভাপতিগৰাকী জ্বৰ আৰু ভৰিৰ বিষত ভুগি থকা বুলি কয়। নেতাজনে কয় ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাগৰাকীক জ্বৰ আৰু ভৰিৰ বিষৰ অভিযোগত মঙলবাৰে চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ ভালেই আছে আৰু চিন্তাৰ কোনো কাৰণ নাই। চিকিৎসকে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া