দুলীয়াজানত চাৰিদিনীয়া কাৰ্যসূচীৰে ৫৭৭ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ আৰম্ভ
ডিব্ৰুগড়, ০১ অক্টোবৰ (হি.স.)। দুলীয়াজানৰ ২৪ টা নামঘৰে আজিৰে পৰা একত্ৰিতভাৱে আঞ্চলিক ভিত্তিত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৫৭৭ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ। আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ২৪ টা নামঘৰে একত্ৰিতভাৱে আঞ্চল
দুলীয়াজানত চাৰিদিনীয়া কাৰ্যসূচীৰে ৫৭৭ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ আৰম্ভ


ডিব্ৰুগড়, ০১ অক্টোবৰ (হি.স.)। দুলীয়াজানৰ ২৪ টা নামঘৰে আজিৰে পৰা একত্ৰিতভাৱে আঞ্চলিক ভিত্তিত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে ৫৭৭ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ।

আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ২৪ টা নামঘৰে একত্ৰিতভাৱে আঞ্চলিক ভিত্তিত অনুষ্ঠিত হৈছে ৫৭৭ সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ। গুৰুজনাৰ জন্মোৎসৱৰ সৈতে সংগতি ৰাখি প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। তাৰ পিচতেই দুলীয়াজানৰ দ' হুকুটা বৰ নামঘৰৰ পৰা ভাগৱত ভ্ৰমণ উলিওৱা হয়। দুলীয়াজানৰ কমলাবাৰী,হুকুটা চাৰিআলি,পিপলতল তিনিআলি,১৬ নম্বৰ তিনিআলি হৈ পুনৰ দ' হুকুটা বৰ নামঘৰত ভাগৱত ভ্ৰমণ অন্ত পৰে । এই ভাগৱত ভ্ৰমণ কাৰ্যসূচীত কেইবা সহস্ৰাধিক ভকত-বৈষ্ণৱে অংশ গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande