নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গাজাৰ প্ৰতি আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ২০ দফা পৰিকল্পনাক সমৰ্থন কৰাক লৈ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে এই পৰিকল্পনাত গাজাৰ জনসাধাৰণৰ ভূমিকা আৰু পেলেষ্টাইনী ৰাষ্ট্ৰ প্ৰতিষ্ঠা আদি গুৰুত্বপূৰ্ণ বিষয়ক আওকাণ কৰা হৈছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ৰমেশে কয় যে প্ৰধানমন্ত্ৰীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ সৈতে সংহতি প্ৰকাশ কৰিলেও পৰিকল্পনাত গাজাৰ জনসাধাৰণৰ অংশগ্ৰহণ আৰু ভৱিষ্যত সন্দৰ্ভত কেইবাটাও মৌলিক প্ৰশ্নৰ উত্তৰ পোৱা নাই। গাজাৰ প্ৰশাসনত স্থানীয় বাসিন্দাসকলৰ ভূমিকা থাকিব নেকি আৰু পেলেষ্টাইন ৰাষ্ট্ৰ স্থাপনৰ দিশত কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা হৈছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰে।
তেওঁ উল্লেখ কৰে যে পেলেষ্টাইন ৰাষ্ট্ৰখনক ইতিমধ্যে ১৫৭খন দেশে স্বীকৃতি দিছে, আৰু ভাৰতেও ১৯৮৮ চনত এই পদক্ষেপ লৈছিল, কিন্তু আমেৰিকা আৰু ইজৰাইলে ইয়াক আওকাণ কৰিয়েই আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া