নিউ বঙাইগাঁও ৰে'লৱে জংচনত হেৰ'ইন আৰু গাঞ্জাসহ ৩ সৰবৰাহকাৰী আটক
নিউ বঙাইগাঁও ৰে'লৱে জংচনত হেৰ'ইন আৰু গাঞ্জাসহ ৩ সৰবৰাহকাৰীক আটক।
নিউ বঙাইগাঁও ৰে'লৱে জংচনত হেৰ'ইন আৰু গাঞ্জাসহ ৩ সৰবৰাহকাৰী আটক


বঙাইগাঁও, ০২ ছেপ্টেম্বৰ (হি.স.): বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে'লৱে জংচনত মঙলবাৰে আবেলি নামনিমুৱা নতুন দিল্লী পুৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছৰ পৰা হেৰ'ইন আৰু গাঞ্জাসহ ৩ সৰবৰাহকাৰী আটক কৰা হৈছে। চৰকাৰী ৰে'লৱে আৰক্ষীয়ে হেৰ'ইন আৰু গাঞ্জাসহ বিহাৰৰ নীতিশ কুমাৰ ( ২৬) , বিহাৰৰে নীতিশ কুমাৰ ( ২৩) আৰু উত্তৰ প্ৰদেশৰ আৰিফ (১৯) নামৰ তিনিজন সৰবৰাহকাৰীক আটক কৰে ৷

নিউ বঙাইগাঁও চৰকাৰী ৰে'লৱে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছৰ. সাধাৰণ ডবাত তালাচী অভিযান চলাই ৩ জন যুৱকক দুখন এয়াৰ বেগ আৰু এখন ট্ৰলী বেগসহ আটক কৰি সোধা- পোছা কৰাৰ লগতে বেগ তিনিখন পৰীক্ষা কৰাত এখনত ৭৩ গ্ৰাম হেৰ’ইন আৰু আন দুখনত ১১.৪২ কিলোগ্ৰাম আৰু ৩.৬৯ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে ৷ পিচত উদ্ধাৰ কৰা নিষিদ্ধ সামগ্ৰীসমূূ জব্দ কৰাৰ লগতে সৰবৰাহকাৰী তিনিজনক গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande