
কোকৰাঝাৰ, ০২ ছেপ্টেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ আংগাৰকাটা ২য় খণ্ডত যোৱা কালি মঙলবাৰে নিশা গেছ ছিলিণ্ডাৰসহ গভাইত চোৰ আটক কৰা হৈছে । দুটা গেছ ছিলিণ্ডাৰসহ আটক হয় চোৰটো।
ধৃত চোৰটো ৰাজাপাৰা ২য় খণ্ড গাঁৱৰ মজিবৰ ৰহমান বুলি পৰিচয় পোৱা গৈছে । দীৰ্ঘ দিনৰ পৰাই গেছ ছিলিণ্ডাৰ চুৰি কাৰ্য্যৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । বগৰীবাৰী আৰক্ষীয়ে চোৰটোক আটক কৰি তদন্ত আৰম্ভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ