বৰচিলা মথাউৰি নিৰ্মাণৰ স্থায়ী সমাধান নোহোৱাৰ ফল ভুগিছে সাধাৰণ ৰাইজে
বৰচিলা মথাউৰি নিৰ্মাণৰ স্থায়ী সমাধান নোহোৱাৰ ফল ভুগিছে সাধাৰণ ৰাইজে।কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ।
বৰচিলা মথাউৰি নিৰ্মাণৰ স্থায়ী সমাধান নোহোৱাৰ ফল ভুগিছে সাধাৰণ ৰাইজে


শিৱসাগৰ, ০২ ছেপ্তেম্বৰ (হি.স.): শিৱসাগৰ জিলাৰ বৰচিলা মথাউৰি নিৰ্মাণৰ স্থায়ী সমাধান নোহোৱাৰ ফল ভুগিছে সাধাৰণ ৰাইজে । আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰচিলা নৈৰ মথাউৰিৰ এটা অংশ ১৯ জুলাইতেই প্ৰলয়ংকাৰী বানে ভাঙি নিয়াৰ পিছতেই বহুকেইখন গাঁও জলমগ্ন হৈ পৰিছিল । পিছে আজি পৰ্যন্ত নিৰ্মাণ কৰা নাই এই বৰচিলা মথাউৰিটো ।

এজাক সামান্য বৰষুণ আহিলেই জীয়াতু ভুগিব লাগে বহু কেইখন গাঁৱৰ লোকসকলে । বৰচিলা নৈৰ মথাউৰিটো বিজ্ঞানসন্মত ভাৱে নিৰ্মাণ কৰি ৰাইজৰ এক বৃহৎ সমস্যাৰ পৰা পৰিত্ৰাণ দিবলৈ ৰাইজ তথা তাই আহোম ছাত্ৰ সন্থাই বিভাগীয় কৰ্তৃপক্ষলৈ আহ্বান জনাইছে । অন্যথা তাই আহোম ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ প্ৰদান কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande