
বৰপেটা, ০২ ছেপ্টেম্বৰ (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াৰ কৰাৰকুৰত ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ জৰাজীৰ্ণ ৰূপে ৰাইজক অতিষ্ঠ কৰি তুলিছে । বেঁকী নদীৰ খহনীয়াত পথছোৱাৰ কিছু অংশ জাহ যোৱাৰ পিছৰে পৰাই প্ৰায় আধা কি:মি: পথৰ মাজে মাজে সৃষ্টি হৈছে ডাঙৰ ডাঙৰ গাঁত।
সামান্য বৰষুণতে গাঁতত পানী জমা হৈ পথছোৱা পুখুৰী সদৃশ হৈ পৰে। ফলত বিগত ৫/৬ টা বছৰে এই জৰাজীৰ্ণ পথেৰে গুৱাহাটীৰ পৰা বৰপেটা হৈ অভয়াপুৰী -বঙাইগাঁও আৰু ধুবুৰী লৈ হাজাৰ হাজাৰ যানবাহন দৈনিক যাতায়ত কৰে৷পথৰ এনে অৱস্থাৰ বাবে নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে সাধাৰণ ৰাইজ তথা যাত্ৰীসকলে। মাজে সময়ে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰি ৰাইজক সকাহ দিবলৈ জিলা প্ৰশাসন; স্থানীয় বিধায়ক আৰু চৰকাৰৰ দৃষ্টি গোচৰ কামনা কৰিছে সচেতন মহলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ