
ওদালগুৰি, ০২ ছেপ্টেম্বৰ (হি.স.): ওদালগুৰি জিলাৰ কলাইগাঁৱত বিধ্বস্ত হৈ পৰিছে মঙলদৈ–ভূটীয়াচাং লোক নিৰ্মাণ পথ।
দীৰ্ঘদিন ধৰি পথটোৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগিছে সাধাৰণ পথচাৰীসকলে ।
দৰং–ওদালগুৰি সংযোগী অতি গুৰুত্বপূৰ্ণ এই পথছোৱাৰ কলাইগাঁৱৰ কটুৰচকৰ কিছু অংশ বহুদিন ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ পৰিছে। পথটোত সৃষ্টি হৈছে পুখুৰীসদৃশ বৃহৎ বৃহৎ গাঁত, যাৰ ফলত যান-বাহনৰ চলাচলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, দীৰ্ঘদিন ধৰি পথটোৰ মেৰামতিৰ দাবী জনাই অহাৰ পিছতো সংশ্লিষ্ট লোক নিৰ্মাণ বিভাগে কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই । সেয়ে, শীঘ্ৰে পথছোৱা মেৰামতি কৰি যাতায়াতৰ ব্যৱস্থা সুচল কৰিবলৈ স্থানীয় ৰাইজ তথা দল-সংগঠনে দাবী জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ