
ধুবুৰী, ০২ ছেপ্টেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত ডাম্পাৰৰ দৌৰাত্ম্য অব্য়াহত আছে । বন বিভাগে অবৈধ ৰঙা মাটি সহ ডাম্পাৰ জব্দ কৰি বন বিভাগৰ কাৰ্যালয়লৈ লৈ যাওঁতে ভয়ংকৰ কাণ্ড ডাম্পাৰ চালকৰ । চলন্ত ডাম্পাৰ পৰা ঠেলা মাৰি পেলাই দিলে দুগৰাকীকৈ বন কৰ্মীক । বন কৰ্মীক পেলাই বিদ্যুৎ পৰিৱাহী তাঁৰৰ খুঁটাত খুন্দা মাৰে ডাম্পাৰ খনে। ইফালে বিদ্যুতৰ খুঁটাত খুন্দা মাৰি জঁপিয়াই অন্য এখন বলেৰো গাৰীৰে পলায়ন কৰে ডাম্পাৰ চালক জনে ।
ডাম্পাৰ খুন্দাত বিদ্যুৎ খুঁটা ভাঙি পৰাৰ লগতে বহু লোকৰ ঘৰৰ ফ্ৰীজ, টিভি, ইনভাৰ্টাৰ, ফেন জ্বলি যায়।
গৌৰীপুৰ চহৰত অভাৰলোড ডাম্পাৰৰ তাণ্ডৱে সৃষ্টি কৰিছে তীব্ৰ উত্তেজনাৰ । ধুবুৰী বন বিভাগৰ এটি দলে আলমগঞ্জ অঞ্চলত এখন ৰঙামাটি ভৰ্তি ডাম্পাৰ আটক কৰে। বন কৰ্মী ডাম্পাৰখন কাৰ্যালয় লৈ নি থকাৰ সময়তে, চালকজনে হাইড্ৰ'লিক অন কৰি ৰঙামাটি পথতে পেলাই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে । পথত বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটিবোৰ ভাঙি পৰাৰ ফলত প্ৰায় ২০-২৫ জন লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ