

গুৱাহাটী, ০২ ছেপ্টেম্বৰ (হি.স.)।ডিমৰীয়াৰ দুৰ্ঘটনা নিহতৰ তিনি পৰিয়াললৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সকাহ।
সোমবাৰে বিয়লি ক্ষেত্ৰীৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি নিহতৰ পৰিয়াললৈ সহায়ৰ কথা আগবঢ়োৱাব বুলি আশ্বাস প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত কথা দি কথা ৰাখিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। নলগেদেৰাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুওৱা কপালকাটাৰ ইনচান আলী, তেতেলীয়া ২২ মাইলৰ জ্যোতিকা ৰংহাং আৰু টোপাতলী কাহিকুঁচিৰ তফিজুল আলীক ৰাজ্য চৰকাৰৰ হৈ মঙলবাৰে আনুষ্ঠানিকভাৱে সাত লাখ টকাৰ চেক প্ৰদান কৰে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড° তপন দাসে।
সাত লাখ টকাৰ ইয়াৰে জিলা দুৰ্যোগ ব্যৱস্থাপনাৰ পৰা ২ লাখ আৰু মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা ৫ লাখ টকা আগবঢ়োৱা হয় বুলি উল্লেখ কৰে ডিমৰীয়া সমষ্টিৰ বিধায়কগৰাকীয়ে।
হিন্দুস্থান সমাচাৰ / Narayan Kar