অলংকাৰ বজাৰৰ অৱনমন, সোণ আৰু ৰূপৰ দাম হ্ৰাস
নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। আজিৰ আগতীয়া ব্যৱসায়ৰ সময়ত অলংকাৰ বজাৰত তীব্ৰ অৱনতি ঘটিছে। চেন্নাইৰ বাহিৰে দেশৰ বেছিভাগ ঠাইতে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ২,০৯০ টকাৰ পৰা প্ৰতি ১০ গ্ৰামত ২,৬৮০ টকাৰ ভিতৰত হ্ৰাস পাইছে। চেন্নাইত সোণৰ মূল্য প্ৰতি ১০
प्रतीकात्मक


নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। আজিৰ আগতীয়া ব্যৱসায়ৰ সময়ত অলংকাৰ বজাৰত তীব্ৰ অৱনতি ঘটিছে। চেন্নাইৰ বাহিৰে দেশৰ বেছিভাগ ঠাইতে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ২,০৯০ টকাৰ পৰা প্ৰতি ১০ গ্ৰামত ২,৬৮০ টকাৰ ভিতৰত হ্ৰাস পাইছে। চেন্নাইত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১৯৫০ টকাৰ পৰা ২১৩০ টকাৰ ভিতৰত হ্ৰাস পাইছে। আজিৰ বেছিভাগ অলংকাৰ বজাৰতে ৰূপৰ মূল্যও প্ৰতি কিলোগ্ৰামত ৫,০০০ ₹ পৰ্যন্ত হ্ৰাস পাইছে।

মূল্যৰ পৰিৱৰ্তনৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৫৪,০৮০ টকাৰ পৰা ১,৫৪,৬৩০ টকাৰ ভিতৰত চলি আছে। একেদৰে আজি ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪১,২৪০ টকাৰ পৰা ১,৪১,৭৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবেও আজি দিল্লীৰ বুলিয়ন বজাৰত প্ৰাৰম্ভিক ব্যৱসায়ত এই চিকচিকিয়া ধাতুটো প্ৰতি কিলোগ্ৰামত ২,৪৯,৯০০ টকাত বিক্ৰী কৰা হৈছে।

দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ১,৫৪,২৩০ টকা হাৰত প্ৰতি ১০ গ্ৰাম বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪১,৩৯০ টকা ৰেকৰ্ড কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫৪,০৮০ টকা আৰু ২২ কেৰেটৰ সোণ ১,৪১,২৪০ টকা হাৰত প্ৰতি ১০ গ্ৰামত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৪,১৩০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪১,২৯০ টকা।

এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৫৪,৬৩০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৪১,৭৪০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাত ২৪ কেৰেট সোণৰ ১০ গ্ৰামত ১,৫৪,০৮০ টকা আৰু ২২ কেৰেট সোণৰৰ প্ৰতি ১০ গ্ৰামত ১,৪১,২৪০ টকা । ভূপালত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৪,১৩০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪১,২৯০ টকা।

জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৫৪,২৩০ টকা আৰু ২২ কেৰেটৰ সোণ ১,৪১,৩৯০ টকা হাৰত প্ৰতি ১০ গ্ৰাম বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৪,১৩০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪১,২৯০ টকা । লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৫৪,২৩০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৪১,৩৯০ টকাত বিক্ৰী কৰা হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিৰ প্ৰাৰম্ভিক ব্যৱসায়ৰ সময়ত কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য দুৰ্বল হোৱা দেখা গৈছে। ৰাজ্যৰ তিনিখন ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৪,০৮০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪১,২৪০ ₹ ত বিক্ৰী হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande