অলংকাৰ বজাৰত সোণৰ দাম হ্ৰাস, ৰূপৰ মূল্য অপৰিৱৰ্তিত
নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজিও আগতীয়া ব্যৱসায়ৰ সময়ত সোণৰ মূল্য দুৰ্বল হৈ আছে। মূল্য হ্ৰাস পোৱাৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৫০ টকাৰ পৰা প্ৰতি ১০ গ্ৰামত ৯২০ টকাৰ ভিতৰত হ্ৰাস পাইছ
प्रतीकात्मक


নতুন দিল্লী, ১৬ ছেপ্টেম্বৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত আজিও আগতীয়া ব্যৱসায়ৰ সময়ত সোণৰ মূল্য দুৰ্বল হৈ আছে। মূল্য হ্ৰাস পোৱাৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৮৫০ টকাৰ পৰা প্ৰতি ১০ গ্ৰামত ৯২০ টকাৰ ভিতৰত হ্ৰাস পাইছে। ইফালে একেৰাহে তৃতীয় দিনলৈ ৰূপৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। এই চিকচিকিয়া ধাতুটোৱে মঙলবাৰৰ দৰেই একে স্তৰতে ব্যৱসায় অব্যাহত ৰাখিছিল আৰম্ভণিৰ ব্যৱসায়ৰ সময়ত।

এই মূল্যৰ পৰিৱৰ্তনৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ বুলিয়ন বজাৰত ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৫৩,১৬০ টকাৰ পৰা ১,৫৩,৩১০ টকাৰ ভিতৰত চলি আছে। একেদৰে আজি ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪০,৩৯০ টকাৰ পৰা ১,৪০,৫৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ৰূপৰ মূল্যৰ কোনো পৰিৱৰ্তন নোহোৱাৰ বাবে আজি দিল্লীৰ বুলিয়ন বজাৰত এই চিকচিকিয়া ধাতু প্ৰতি কিলোগ্ৰাম ২,৪৪,৯০০ টকাত বিক্ৰী হৈছে।

দিল্লীত আজি ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৫৩,৩১০ টকা বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪০,৫৪০ টকাত ৰেকৰ্ড কৰা হৈছে। আনহাতে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫৩,১৬০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪০,৩৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য ১,৫৩,২১০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ১,৪০,৪৪০ টকা।

এই বৃহৎ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৩,১৬০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৪০,৩৯০ টকাত বিক্ৰী কৰা হৈছে। একেদৰে কলকাতাত ২৪ কেৰেট সোণৰ ১০ গ্ৰাম ১,৫৩,১৬০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪০,৩৯০ টকাত ব্যৱসায় কৰা হৈছে। ভূপালত ২৪ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫৩,২১০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪০,৪৪০ টকা।

জয়পুৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫৩,৩১০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১,৪০,৫৪০ টকাত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৩,২১০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৪০,৪৪০ টকা । লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৫৩,৩১০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণ ১,৪০,৫৪০ টকাত বিক্ৰী কৰা হৈছে।

দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ ব্যৱসায় হ্ৰাস পোৱা দেখা গৈছে। ৰাজ্যৰ তিনিখন ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫৩,১৬০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৪০,৩৯০ টকাত বিক্ৰী হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande