আমিনগাঁৱত আৰক্ষীৰ অভিযানত জব্দ ২৯ টাকৈ গৰু ভৰ্তী ট্ৰাক
কামৰূপ, ১২ ছেপ্টেম্বৰ (হি.স.)। ৰাজ্যত অব্যাহত আছে অবৈধ গৰুৰ সৰবৰাহ ।শেহতীয়াকৈ কামৰূপ জিলা আৰক্ষীৰ এক অভিযানত এই কথায়ে পুনৰ প্ৰমাণিত হল। কামৰূপৰ আমিনগাঁৱত আৰক্ষীয়ে এক সফল অভিযান চলায় জব্দ কৰে ২৯ টাকৈ গৰু ভৰ্তী এখন ট্ৰাক । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ
আমিনগাঁৱত আৰক্ষীৰ অভিযানত জব্দ ২৯ টাকৈ গৰু ভৰ্তী ট্ৰাক


কামৰূপ, ১২ ছেপ্টেম্বৰ (হি.স.)। ৰাজ্যত অব্যাহত আছে অবৈধ গৰুৰ সৰবৰাহ ।শেহতীয়াকৈ কামৰূপ জিলা আৰক্ষীৰ এক অভিযানত এই কথায়ে পুনৰ প্ৰমাণিত হল। কামৰূপৰ আমিনগাঁৱত আৰক্ষীয়ে এক সফল অভিযান চলায় জব্দ কৰে ২৯ টাকৈ গৰু ভৰ্তী এখন ট্ৰাক ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাঢ়া নিৰ্দেশ নামানে একাংশ গো মাফিয়াই । আৰক্ষীৰ চকুত ধুলি দি দৈনিক বৰপেটাৰ পৰা মেঘালয়লৈ সৰবৰাহ হৈছে গৰু ভৰ্তি ট্ৰাক । কামৰূপৰ জিলাৰ উপ আৰক্ষী অধীক্ষক টিংকুজ্যোতি চৌধুৰীৰ নেতৃত্বত চলা অভিযানত জব্দ ২৯ টাকৈ গোধন ।

গোপন খৱৰৰ ভিত্তিত আমিনগাঁও আৰক্ষীয়ে জব্দ কৰে এ এছ ২৫ এফ চি ৪২০০ নম্বৰৰ গৰু ভৰ্তী ট্ৰাকখন ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ট্ৰাকখনৰ চালক আচিকুল হক আৰু হেণ্ডিমেন আক্কাশ আলীক ।

চালকৰ ভাষ্য অনুসৰি গো-মাফিয়া জাকিৰ আলীয়ে ইব্ৰাহিম আলী, ইক্ৰামুল হুছেইন আৰু চহৰ আলীৰ সৈতে মিলি মেঘালয়লৈ সৰবৰাহ কৰি আহিছে শ শ গৰু । গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে কামৰূপ আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande