ইৰাণৰ ৰাষ্ট্ৰপতি পেজেছকিয়ানৰ ৰাষ্ট্ৰপতি মুৰ্মুক সাক্ষাৎ
নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.ছ)। ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে নতুন দিল্লী ভ্ৰমণ কৰা ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক সম্পৰ্কীয় বিভিন
ईरान के राष्ट्रपति मसूद पेजेशकियन राष्ट्रपति द्रौपदी मूर्मू से मुलाकात के दौरान।


নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.ছ)। ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে নতুন দিল্লী ভ্ৰমণ কৰা ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সৈতে সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰে। ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।

ইয়াৰ পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰপতিৰ কন্যা জাহৰা পেজেছকিয়ানে তেওঁৰ স্বামী হাছান মাজিদীৰ সৈতে নতুন দিল্লীৰ নেশ্যনেল ক্ৰাফ্টছ মিউজিয়ামত ব্ৰিকছ বজাৰ পৰিদৰ্শন কৰিছিল। তেওঁলোকে ব্ৰিকছৰ সদস্য আৰু অংশীদাৰ দেশসমূহৰ কলা, হস্তশিল্প, সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা বিভিন্ন সামগ্ৰী প্ৰত্যক্ষ কৰিছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande