মণিপুৰত আটক তিনিগৰাকী সন্দেহযুক্ত অস্ত্ৰধাৰী কেডাৰ, উদ্ধাৰ ৫টা ৰাইফলকে ধৰি অস্ত্ৰ-শস্ত্ৰ
ইম্ফল, ১২ ছেপ্টেম্বৰ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে যোৱা ১১ ছেপ্টেম্বৰত চলোৱা পৃথক পৃথক অভিযানত তিনিজন সন্দেহযুক্ত অস্ত্ৰধাৰী কেডাৰক গ্ৰেপ্তাৰ কৰে । নিৰাপত্তা বাহিনীয়ে শনিবাৰে জনোৱা মতে, চুৰাচান্দপুৰ জিলাৰ হেঙেলেপ মহকুমাৰ মুনপি গ
মণিপুৰত আটক তিনিগৰাকী সন্দেহযুক্ত অস্ত্ৰধাৰী কেডাৰ


ইম্ফল, ১২ ছেপ্টেম্বৰ (হি.স.)। মণিপুৰৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে যোৱা ১১ ছেপ্টেম্বৰত চলোৱা পৃথক পৃথক অভিযানত তিনিজন সন্দেহযুক্ত অস্ত্ৰধাৰী কেডাৰক গ্ৰেপ্তাৰ কৰে ।

নিৰাপত্তা বাহিনীয়ে শনিবাৰে জনোৱা মতে, চুৰাচান্দপুৰ জিলাৰ হেঙেলেপ মহকুমাৰ মুনপি গাঁৱৰ আশে-পাশে জিলা আৰক্ষী আৰু ৫ আছাম ৰাইফলছৰ যৌথ দলে অভিযান চলাই তিনিজন অস্ত্ৰধাৰী কেডাৰক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা কেডাৰ কেইজনক ক্ৰমে মুনপিৰ নিবাসী খুয়াল (৩৫), বিষ্ণুপুৰ জিলাৰ নুংৰাইৰ নিবাসী মণি চিৰু (৩০) আৰু চুৰাচান্দপুৰ জিলাৰ ঙাথালৰ বাসিন্দা থাংগাললালমুয়ান (২৫) বুলি জানিব পৰা গৈছে।

নিৰাপত্তা বাহিনীয়ে তেওঁলোকৰ পৰা এটা ৭.৬২ এম এমৰ এইচ কে জি-৩, এটা ৫.৫৬ এম এমৰ এম ১ এছল্ট ৰাইফল, এটা ৫.৫৬ মিমি এম ২২, আৰু দুটা ৭.৬২ মিমি এ কে-৪৭ ৰাইফল উদ্ধাৰ কৰে। ইয়াৰ উপৰিও ৭টা মেগজিন, বিভিন্ন কেলিবাৰৰ ২৯৮টা কাৰ্টিজ, পাঁচটা কৌশলগত পাউচ উদ্ধাৰ কৰা হৈছে ।

আন এক অভিযানত থৌবাল জিলা আৰক্ষী আৰু ৪৬ আছাম ৰাইফলছৰ যৌথ দলে থৌবাল থানা এলেকাৰ লামডিং খুমন্থেম লেইকাইৰ পৰা ইউএনএলএফ (কে)ৰ সক্ৰিয় কেডাৰ প্ৰাইভেট খুণ্ডোংবাম মোটিলাল সিং ওৰফে খোংগুল (২৬)ক গ্ৰেপ্তাৰ কৰে । তেওঁ লোকৰ পৰা উদ্ধাৰ হৈছে এখন দুচকীয়া বাহন । এই গোচৰৰ অধিক তদন্ত চলি আছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande