
নগাঁও, ১২ ছেপ্টেম্বৰ (হি.স.)। নগাঁও লোক সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ তৎপৰতা বৃদ্ধি পোৱাৰ লগে লগে কংগ্ৰেছত বৃদ্ধি পাইছে খহনীয়া।
সাংসদ ৰকিবুল হুছেইনৰ দুই ঘনিষ্ঠ নেতাই দল ত্যাগ কৰাৰ পাছতেই এইবাৰ চামগুৰি সমষ্টিত কংগ্ৰেছত আন এক মোক্ষম আঘাত।
সাংসদ ৰকিবুল হুছেইন আৰু বিধায়ক তানজিল হুছেইনৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰি শিঙিমাৰী মহিলা কংগ্ৰেছৰ সভানেত্ৰী পূৰ্ণিমা খাতুনৰ লগতে চামগুৰি সমষ্টিৰ কনোৱামাৰী গাঁও পঞ্চায়তৰ বুথ সভাপতি, বি এল অ’ সহ কেইবাগৰাকীও মহিলা নেত্ৰীয়ে ত্যাগ কৰিছে কংগ্ৰেছ দল।
দলৰ অভ্যন্তৰীণ কন্দল আৰু নেতৃত্বৰ প্ৰতি অসন্তুষ্টিৰ বাবেই দল ত্যাগৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছে নেত্ৰীসকলে।
উপ-নিৰ্বাচনৰ পূৰ্বে চামগুৰিত ধাৰাবাহিক দলত্যাগে কংগ্ৰেছৰ ৰাজনৈতিক ভেটিত কিমান প্ৰভাৱ পেলাব, সেয়া এতিয়া হ’ব লক্ষণীয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু