
দৰং, ১২ ছেপ্টেম্বৰ (হি.স.)। দৰং জিলাৰ দলগাঁৱৰ বদলিবৈৰালী গাঁৱত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
নিশা কোৰবান আলী নামৰ এজন লোকৰ বাসগৃহত হঠাৎ জুইৰ সূত্ৰপাত হয়। জুইত জাহ যায় লোকজনৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰসহ প্ৰায় ৪ লাখ টকাৰ সা-সামগ্ৰী।
অগ্নিকাণ্ডৰ খবৰ লাভ কৰি স্থানীয় লোকসকলে হুৱাদুৱা লগায় আৰু জুই নুমুৱাবলৈ আগবাঢ়ি আহে আৰু বহু প্ৰচেষ্টাৰ পিছত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকে এই জুই নিৰ্বাপন কৰে। অৱশ্যে তেতিয়ালৈ লোকজনৰ ঘৰৰ প্ৰয়ভাগ সামগ্ৰীয়ে জুই জাহ যায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু