ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে দিল্লীত উপস্থিত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী
নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হাঙে ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে তেওঁৰ ভাৰত ভ্ৰমণৰ তথ্য প্ৰদান কৰে। ৰণধীৰ জয়ছোৱালে ছ’চিয়েল
18वें ब्रिक्स शिखर सम्मेलन में भाग लेने के लिए नई दिल्ली पहुंचे वियतनाम के प्रधानमंत्री ले मिन्ह हुंग का स्वागत करते केंद्रीय राज्य मंत्री मुरलीधर मोहोल।


নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হাঙে ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছে। বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে তেওঁৰ ভাৰত ভ্ৰমণৰ তথ্য প্ৰদান কৰে।

ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উল্লেখ কৰে যে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী লে মিন হাঙক নতুন দিল্লীত উপস্থিত হোৱাৰ লগে লগে আদৰণি জনোৱা হয়। বিমানবন্দৰত তেওঁক আদৰণি জনায় কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী মুৰলীধৰ মোহলে।

তেওঁ কয় যে ভাৰত আৰু ভিয়েটনামৰ এক উন্নত ব্যাপক কৌশলগত অংশীদাৰিত্ব আছে, যিটো দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্ক আৰু সহযোগিতাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বিত্তীয় প্ৰযুক্তি, জটিল খনিজ পদাৰ্থ আৰু অন্যান্য উদীয়মান ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতা অহৰহ সম্প্ৰসাৰিত হৈ আছে।

জয়ছোৱালে উল্লেখ কৰে যে ভাৰত আৰু ভিয়েটনামে বহুপক্ষীয় মঞ্চতো ঘনিষ্ঠভাৱে কাম কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande