ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বাবে দিল্লীত উপস্থিত উজবেকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী কুচকাৰোভ
নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। উজবেকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বিত্তমন্ত্ৰী জামশ্বিদ কুচকাৰোভ ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ অৰ্থে শনিবাৰে নতুন দিল্লীত উপস্থিত হয়। এই সন্মিলনত অৰ্থনৈতিক সহযোগিতা, বিশ্ব উন্নয়ন, ব্ৰিকছ দেশসমূহৰ মাজত
नई दिल्ली में 18वें ब्रिक्स शिखर सम्मेलन में भाग लेने पहुंचे उज्बेकिस्तान के उप प्रधानमंत्री एवं अर्थव्यवस्था और वित्त मंत्री जमशिद कुचकारोव।


নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। উজবেকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বিত্তমন্ত্ৰী জামশ্বিদ কুচকাৰোভ ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ অৰ্থে শনিবাৰে নতুন দিল্লীত উপস্থিত হয়। এই সন্মিলনত অৰ্থনৈতিক সহযোগিতা, বিশ্ব উন্নয়ন, ব্ৰিকছ দেশসমূহৰ মাজত পাৰস্পৰিক অংশীদাৰিত্বৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।

আহি পোৱাৰ লগে লগে জামশ্বিদ কুচকাৰোভক ভাৰতীয় বিষয়াসকলে আদৰণি জনায়। তেওঁক আদৰণি জনায় থিম্ফুস্থিত ভাৰতীয় দূতাবাসৰ মিছনৰ উপ মুৰব্বী অনিকেত গোবিন্দ মাণ্ডৱগানে।

ভাৰতে অহা ১২-১৩ ছেপ্টেম্বৰত ৰাজধানী নতুন দিল্লীত চলিত বৰ্ষৰ ১৮ সংখ্যক ব্ৰিকছ সন্মিলন আয়োজন কৰিছে। এই সন্মিলনত ব্ৰিকছৰ ভিতৰত স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande