ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত বেলাৰুছৰ বৈদেশিক মন্ত্ৰী
নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। বেলাৰুছৰ বৈদেশিক মন্ত্ৰী মেক্সিম ৰাইজেনকোভ ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছে। তেওঁৰ আগমনৰ লগে লগে ভাৰতীয় প্ৰতিনিধিয়ে তেওঁক আদৰণি জনায়। ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণ
नई दिल्ली : 18वें ब्रिक्स शिखर सम्मेलन में भाग लेने के लिए नई दिल्ली पहुंचे बेलारूस के विदेश मंत्री मैक्सिम रिजेनकोव।


নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। বেলাৰুছৰ বৈদেশিক মন্ত্ৰী মেক্সিম ৰাইজেনকোভ ১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছে। তেওঁৰ আগমনৰ লগে লগে ভাৰতীয় প্ৰতিনিধিয়ে তেওঁক আদৰণি জনায়।

ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত তেওঁৰ আগমন আৰু আদৰণিৰ কথা ঘোষণা কৰে। তেওঁ উল্লেখ কৰে যে ভাৰত আৰু বেলাৰুছে আন্তৰিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক লাভ কৰে। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক আৰু বহুপক্ষীয় পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।

তেওঁ কয় যে ব্ৰিকছ সন্মিলনে দুয়োখন দেশৰ বাবে পাৰস্পৰিক সহযোগিতা আৰু অংশীদাৰিত্ব আৰু অধিক আগুৱাই নিয়াৰ সুযোগ প্ৰদান কৰিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande