প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আবুধাবিৰ ক্ৰাউন প্ৰিন্সৰ সৈতে দ্বিপাক্ষিক বাৰ্তা
নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৮ সংখ্যক ব্ৰিকছ সন্মিলনৰ আঁৰত শনিবাৰে আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ভাৰত আৰু আবুধাবিৰ মাজত দ্বিপাক্ষিক সম্প
प्रधानमंत्री नरेन्द्र मोदी अबू धाबी के क्राउन प्रिंस शेख खालिद बिन मोहम्मद बिन जायद अल नाहयान के साथ।


নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ১৮ সংখ্যক ব্ৰিকছ সন্মিলনৰ আঁৰত শনিবাৰে আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেইখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ভাৰত আৰু আবুধাবিৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ লগতে আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ক লৈ দুয়োগৰাকী নেতাই বিস্তৃত আলোচনাত মিলিত হয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণকাৰী দেশ হিচাপে আবুধাবীৰ অংশগ্ৰহণক আদৰণি জনায়। দুয়োগৰাকী নেতাই চলিত বৰ্ষৰ জানুৱাৰী মাহত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণ আৰু মে’ মাহত প্ৰধানমন্ত্ৰী মোডীৰ ইউ এ ই ভ্ৰমণৰ সময়ত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ কথা স্মৰণ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ অধ্যক্ষতাত ব্ৰিকছত ইউ এ ইৰ সক্ৰিয় আৰু গঠনমূলক অংশগ্ৰহণৰ শলাগ লয়। দুয়োগৰাকী নেতাই শীৰ্ষ সন্মিলনৰ ইতিবাচক ফলাফলক আদৰণি জনাই ভাগ-বতৰা স্বাৰ্থ আৰু অগ্ৰাধিকাৰ আগুৱাই নিয়াৰ লগতে ব্ৰিকছৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি যাবলৈ সন্মত হয়।

বৈঠকত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন ক্ষেত্ৰত যি অগ্ৰগতি লাভ কৰিছে তাত সন্তুষ্টি প্ৰকাশ কৰে। ইউ এ ইৰ আন্তঃৰাষ্ট্ৰীয় হোল্ডিং কোম্পানী (আই এইচ চি)য়ে ওড়িশাত ১১.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ সংহত গ্ৰীণফিল্ড এলুমিনিয়াম প্ৰকল্পত বিনিয়োগ কৰাৰ ঘোষণাক আদৰণি জনায়। দুয়োজন নেতাই আশা প্ৰকাশ কৰে যে এই প্ৰকল্পই ওড়িশাক বিশ্বব্যাপী এলুমিনিয়াম উৎপাদনৰ এক প্ৰধান কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিব।

বৈঠকত ইউ এ ইৰ নতুন সাৰ্বভৌম বিনিয়োগ পুঁজি লিমাডৰ ভূমিকা সন্দৰ্ভতো আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই এই কথাত একমত প্ৰকাশ কৰে যে এই পুঁজিয়ে পাৰস্পৰিক লাভালাভৰ বাবে ভাৰত আৰু আবুধাবিৰ মাজত অৰ্থনৈতিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

ইয়াৰ উপৰিও দুয়োগৰাকী নেতাই প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি, প্ৰযুক্তি আৰু উদ্ভাৱন আদি কৌশলগত আৰু উদীয়মান খণ্ডত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। বৈঠকত দুয়োপক্ষই ভাৰত আৰু ইউ এ ইৰ মাজত নিয়মীয়াকৈ উচ্চ পৰ্যায়ৰ আলোচনাৰ পৰম্পৰাক অধিক বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande