
নতুন দিল্লী, ১২ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় শিল্প সংগ্ৰহালয়ত অনুষ্ঠিত ব্ৰিকছ বজাৰত ভাৰত আৰু ইৰাণৰ মাজৰ সাংস্কৃতিক সম্পৰ্ক প্ৰদৰ্শন কৰা হয়। ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ কন্যা জাহৰা পেজেছকিয়ানে স্বামী হাছান মাজিদীৰ সৈতে ইৰাণ পেভিলিয়নত উপস্থিত হয়।
কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে জাহৰা পেজেছকিয়ানক আদৰণি জনাই ব্ৰিকছ বজাৰ ভ্ৰমণ কৰায়। ব্ৰিকছৰ সদস্য আৰু অংশীদাৰ দেশসমূহে প্ৰদৰ্শন কৰা শিল্প, হস্তশিল্প, পৰম্পৰাগত সামগ্ৰী, আৰু সাংস্কৃতিক ঐতিহ্যসমূহ তেওঁ নিবিড়ভাৱে পৰ্যবেক্ষণ কৰিছিল। তাত উপস্থিত থকা শিল্পী আৰু প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিছিল আৰু তেওঁলোকৰ শিল্প আৰু হস্তশিল্পৰ বিষয়ে জানিব পাৰিছিল।
দিল্লীৰ ক্ৰাফ্টছ মিউজিয়ামত অনুষ্ঠিত এই প্ৰদৰ্শনীত ১৮খন দেশৰ ৪০ জনতকৈ অধিক শিল্পী, ডিজাইনাৰ আৰু সৃষ্টিশীল কোম্পানীয়ে নিজৰ পৰম্পৰাগত শিল্প আৰু হস্তশিল্প প্ৰদৰ্শন কৰিছে। ১৫ ছেপ্টেম্বৰলৈকে চলিব এই প্ৰদৰ্শনী। ব্ৰিকছ শীৰ্ষ সন্মিলনৰ সময়ত বহু বিদেশী অতিথি আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলেও এই প্ৰদৰ্শনীখন চাব বুলি আশা কৰা হৈছে।
ব্ৰিকছ বজাৰত চীনৰ চুঝৌ এম্ব্ৰয়ডাৰী, ইণ্ডোনেছিয়াৰ পৰম্পৰাগত বয়ন, নাইজেৰিয়াৰ কাঠ আৰু লাউৰ শিল্প, দক্ষিণ আফ্ৰিকাৰ জুলু চামৰাৰ শিল্পকে ধৰি বিভিন্ন দেশৰ প্ৰামাণিক শিল্প, হস্তশিল্প, হস্ততাঁত, বস্ত্ৰশিল্প, আৰু শিল্পকৰ্ম প্ৰদৰ্শন কৰা হয়। ভ্ৰমণকাৰী বিদেশী প্ৰতিনিধিসকলকো শিল্পীসকলক কৰ্মৰত পৰ্যবেক্ষণৰ সুযোগ দিয়া হয়। বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
ভাৰতৰ চাৰিজন শিল্পীয়েও নিজৰ পৰম্পৰাগত শিল্পকৰ্ম প্ৰদৰ্শন কৰিছে: ৰিয়াজ আহমেদ কাশ্মীৰী পেপাৰ মেচে, মহম্মদ বিলাল খত্ৰীৰ ব্লক প্ৰিন্ট, কৰণ সিং টেৰাকোটা আৰ্ট আৰু ছাদাব আহমেদে খাৰু নিৰ্মাণৰ কলা প্ৰদৰ্শন কৰিছে।
ব্ৰিকছৰ সদস্য তথা অংশীদাৰ দেশসমূহৰ বাবে স্থাপন কৰা ষ্টলৰ উপৰিও আয়োজক ভাৰতে দেশৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শনৰ বাবে বিভিন্ন ৰাজ্যৰ বাবেও বিশেষ কোণৰ সৃষ্টি কৰিছে। এই প্ৰদৰ্শনী স্থানত জম্মু-কাশ্মীৰৰ পৰা এটা জুপুৰি, ৰাজস্থানৰ পৰা এখন চোতাল, গুজৰাটৰ পৰা এটা জুপুৰি, ওড়িশাৰ পৰা এটা চোতাল, বংগৰ পৰা এটা জুপুৰি, বিহাৰৰ পৰা এখন চোতাল সৃষ্টি কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া