
বৰপেটা, ১১ ছেপ্টেম্বৰ (হি.স.): বৰপেটাৰ সৰ্থেবাৰীত যোৱা কালি নিশা এক লোমহৰ্ষক ঘটনা সংঘটিত হয় । অৱসৰী আৰক্ষী কনিষ্টবল নিচাসক্ত পিতৃৰ চৰম বৰ্বৰতাত প্ৰাণ গ’ল একমাত্ৰ পুত্ৰৰ ।
জানিব পৰামতে, নিচাসক্ত হোৱাত পিতা-পুত্ৰৰ মাজত লাগিছিল প্ৰচণ্ড কাজিয়া । কাজিয়াৰ মাজতে নিচাসক্ত পিতৃ শনিৰাম বড়োৱে
চুৰিৰে আঘাত কৰি পুত্ৰ বুদ্ধদেৱ বড়োক হত্যা কৰাৰ অভিযোগ উঠিছে । সৰ্থেবাৰীৰ জাব্ৰিকুছিত সংঘটিত হৈছে এই জঘন্য, এই শিহৰণকাৰী কাণ্ড । চুৰিৰে আঘাত কৰাৰ পিছত স্থানীয় লোকে আঘাতপ্ৰাপ্ত পুত্ৰ বুদ্ধদেৱ বড়োক বৰপেটা মেডিকেল কলেজলৈ নিয়ে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ঘটনাস্থলীত উপস্থিত হয় সৰ্থেবাৰী আৰক্ষী। হত্যাকাৰী পিতৃ শনিৰাম বড়োক সৰ্থেবাৰী আৰক্ষী আটক। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। নিহত বুদ্ধদেৱ বড়ো এটি সন্তানৰ পিতৃ আছিল ।
বৰপেটাত বৃদ্ধি পোৱা নিচাসক্তই এতিয়া নিজ সন্তানকো চিনি নোপোৱা হৈছে?। দয়া-মমতা নাইকিয়া হবলৈ ধৰিছে । জিলাখনত দৈনিক দ্ৰুতগতিত বৃদ্ধি পোৱা মদাহী, নিচা আসক্তিয়ে অপৰাধো কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ