
নতুন দিল্লী, ১১ ছেপ্টেম্বৰ (হি.স.)। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি গোটেই দিনটো ঘৰুৱা শ্বেয়াৰ বজাৰত ব্যৱসায় চলিছিল। খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে দুৰ্বল নোটত ব্যৱসায় আৰম্ভ হয়। খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ লগে লগে শ্বেয়াৰ বজাৰৰ দুৰ্বলতাও বৃদ্ধি পালে। কিন্তু ভাৰতীয় সময় অনুসৰি পুৱা প্ৰায় ১০ বজাত প্ৰতি বেৰেলত ১০৮.৭৭ ডলাৰত উপনীত হোৱাৰ পিছত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ ফলত শ্বেয়াৰ বজাৰৰ প্ৰদৰ্শন উন্নত হয়।
ছেন্সেক্সে দিনটোৰ ভিতৰতে ৭৫৬.৯৯ পইণ্ট লাভ কৰে। একেদৰে নিফটিয়েও দিনটোৰ নিম্নতম স্তৰৰ পৰা ২১৬.৭০ পইণ্ট জপিয়াই পৰে। বিয়লি প্ৰায় ৩:০০ বজাত খাৰুৱা তেলৰ মূল্য সামান্য বৃদ্ধিয়ে পুনৰবাৰ চেন্সেক্স আৰু নিফটি দুয়োটা সূচকাংক দুৰ্বল কৰি তুলিলে। সম্পূৰ্ণ দিনটোৰ ব্যৱসায়ৰ অন্তত চেন্সেক্সৰ শ্বেয়াৰ ০.১৬ শতাংশ আৰু নিফটিৰ মূল্য ০.৩৪ শতাংশ হ্ৰাস পায়।
আজি বিএছই চেন্সেক্সৰ শ্বেয়াৰ মুকলি হয় ৭৪,৩০৯.১৬ পইণ্টত, যিটো ৫৯৩.৪৩ পইণ্ট বা ০.৭৯ শতাংশ হ্ৰাস পায়। ব্যৱসায় আৰম্ভ হোৱাৰ লগে লগে বিক্ৰীৰ চাপ বৃদ্ধি পোৱাৰ ফলত সূচকাংক ৭৪২.৪৩ পইণ্ট বা ০.৯৯ শতাংশ হ্ৰাস পাই ৭৪,১৬০.১৬ পইণ্টত উপনীত হয়। এই হ্ৰাসৰ পিছত ক্ৰেতাসকলে ক্ৰয় তীব্ৰতৰ কৰি তুলিলে, যাৰ ফলত চেন্সেক্সৰ প্ৰদৰ্শন উন্নত হ’ল।
বজাৰত ক্ৰয় অব্যাহত থকাৰ বাবে ব্যৱসায় বন্ধ হোৱাৰ কিছু সময়ৰ পূৰ্বে দিনটোৰ নিম্নতম ৭৫৬.৯৯ পইণ্টৰ পৰা উভতি আহি ১৪.৫৬ পইণ্ট বা ০.০২ শতাংশ বৃদ্ধি পাই ৭৪,৯১৭.১৫ পইণ্টত উপনীত হয়। কিন্তু ব্যৱসায়ৰ অন্তিম ১০ মিনিটত বিক্ৰীৰ চাপ পুনৰ বৃদ্ধি পোৱাৰ ফলত চেন্সেক্স দিনটোৰ উচ্চতম স্তৰৰ পৰা ১৩৫.৩৯ পইণ্ট হ্ৰাস পাই ১২০.৮৩ পইণ্ট বা ০.১৬ শতাংশ দুৰ্বলতাৰে ৭৪,৭৮১.৭৬ পইণ্টত বন্ধ হয়।
চেন্সেক্সৰ দৰেই আজি এন এছ ই নিফটিয়েও ২০৭.৫০ পইণ্ট বা ০.৮৮ শতাংশ হ্ৰাস পাই ২৩,২৭০.৩০ পইণ্টত ব্যৱসায় আৰম্ভ কৰে। বজাৰ মুকলি হোৱাৰ কিছু সময়ৰ পিছতে বিক্ৰীৰ চাপৰ ফলত সূচকাংকটো ২৪৬.৪০ পইণ্ট বা ১.০৫ শতাংশ হ্ৰাস পাই ২৩,২৩১.৪০ পইণ্টত উপনীত হয়। ইয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য উন্নত হোৱাৰ খবৰ আহি পোৱাৰ লগে লগে নিফটিৰ উন্নতি হ’বলৈ ধৰিলে।
খাৰুৱা তেলৰ মূল্য উন্নত হোৱাৰ খবৰে উৎসাহিত হৈ বিনিয়োগকাৰীসকলে সমগ্ৰ বজাৰতে ক্ৰয় কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত সূচকাংকত বুলিছ ট্ৰেণ্ডৰ সৃষ্টি হয়। ক্ৰয় অব্যাহত ৰখাৰ সহায়ত সূচকাংকটোৱে দিনটোৰ নিম্নতম স্তৰৰ পৰা ২১৬.৭০ পইণ্ট পুনৰ উভতি আহি বন্ধৰ কিছু সময়ৰ পূৰ্বে ২৩,৪৪৮.১০ পইণ্টত উপনীত হয়। এইখিনিতে বিক্ৰীৰ চাপ পুনৰ বৃদ্ধি পোৱাৰ ফলত নিফটি প্ৰায় ৫০ পইণ্ট হ্ৰাস পাই ২৩,৩৯৮.১০ পইণ্টত বন্ধ হয়, ৭৯.৭০ পইণ্ট বা ০.৩৪ শতাংশ হ্ৰাস পায়।
দিনটোৰ ভিতৰতে ধাতু আৰু ৰিয়েলিটি খণ্ডৰ শ্বাৰপবোৰ যথেষ্ট বিক্ৰী হৈছিল। বিক্ৰীৰ চাপৰ বাবে বিএছই মেটাল সূচকাংক ২.৪০ শতাংশ হ্ৰাস পাইছে। ৰিয়েলটি সূচকাংকতো দুশতাংশতকৈ অধিক হ্ৰাস পাইছে। তদুপৰি অটোম’বাইল, কেপিটেল গুডছ, কনজিউমাৰ ডুৰেবলছ, এফএমচিজি, হেল্থকেয়াৰ, অইল এণ্ড গেছ, আৰু পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজৰ সূচকাংকও হ্ৰাস পাই ৰঙা সূচকৰে বন্ধ হৈ পৰে।
আনহাতে, বেংকিং আৰু আই টি খণ্ডৰ ষ্টকসমূহে ক্ৰয়ৰ দ্বাৰা সমৰ্থিত এক অবিৰত উৰ্ধমুখী ধাৰা বজাই ৰাখিছিল। ব্যাপক বিক্ৰীৰ পিছতো নিফটি বেংকিং সূচকাংক ০.২৪ শতাংশ বৃদ্ধিৰে বন্ধ হয়। একেদৰে নিফটি আই টি সূচকাংকত ০.১১ শতাংশ বৃদ্ধিৰে ব্যৱসায়ৰ অন্ত পৰে। বহল বজাৰখনতো স্থায়ী বিক্ৰীৰ সাক্ষী হৈ ৰ’ল, যাৰ ফলত নিফ্টি মিডকেপ সূচকাংক ০.২৬ শতাংশ হ্ৰাস পাই বন্ধ হৈ পৰে। একেদৰে স্মলকেপ সূচকাংকত ০.৫৮ শতাংশ হ্ৰাস পাই ব্যৱসায়ৰ অন্ত পৰে।
আজি বহল বজাৰত বিক্ৰীৰ চাপৰ বাবে শ্বেয়াৰ বজাৰ বিনিয়োগকাৰীৰ সম্পদ ₹৩.৫ লাখ কোটিতকৈ অধিক হ্ৰাস পাইছে। আজিৰ ব্যৱসায়ৰ পিছত বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ বজাৰ মূলধন ৪৮১.৫৬ লাখ কোটি (অস্থায়ী)লৈ হ্ৰাস পাইছে। পূৰ্বৰ ব্যৱসায়িক দিন অৰ্থাৎ বৃহস্পতিবাৰে তেওঁলোকৰ বজাৰ মূলধন আছিল ₹৪৮৫.০৭ লাখ কোটি। ফলস্বৰূপে আজিৰ ব্যৱসায়ত বিনিয়োগকাৰীয়ে প্ৰায় ₹৩.৫১ লাখ কোটি টকা লোকচান কৰে।
দিনটোৰ ব্যৱসায়ৰ সময়ছোৱাত এন এছ ইত ৩,২২৬টা ষ্টক সক্ৰিয়ভাৱে ব্যৱসায় কৰা হৈছিল। ইয়াৰে ১২২০ টা শ্বেয়াৰ লাভৰ পিছত গ্ৰীণ জ’নত আৰু ২,০০৬ টা শ্বেয়াৰ লোকচান হোৱাৰ পিছত ৰেড জ’নত বন্ধ হৈ পৰে। একেদৰে চেন্সেক্সত অন্তৰ্ভুক্ত ৩০টা শ্বেয়াৰৰ ভিতৰত ১১টা শ্বেয়াৰ লাভৰ সৈতে আৰু ১৯টা শ্বেয়াৰ লোকচানৰ সৈতে বন্ধ হয়। নিফটিত অন্তৰ্ভুক্ত কৰা ৫০টা শ্বেয়াৰৰ ভিতৰত গ্ৰীণ জ’নত ১২টা শ্বেয়াৰ, ৰেড জ’নত ৩৭টা শ্বেয়াৰ আৰু কোনো ধৰণৰ উঠা-নমা নোহোৱাকৈ বন্ধ হৈ পৰে এটা শ্বেয়াৰ।
আজি গোটেই দিনটোৰ ব্যৱসায়ৰ অন্তত শ্বেয়াৰ বজাৰৰ বৃহৎ ষ্টকসমূহৰ ভিতৰত ২.০৮ শতাংশ লাভৰ সৈতে এইচ ডি এফ চি বেংক, ১.৯৭ শতাংশ লাভৰ সৈতে ডাঃ ৰেড্ডীজ লেবৰেটৰীজ, ১ শতাংশ লাভৰ সৈতে টেক মহিন্দ্ৰা, ০.৭৩ শতাংশ লাভৰ সৈতে এইচ ডি এফ চি লাইফ আৰু ০.৬৬ শতাংশ লাভৰ সৈতে উইপ্ৰ’ আজিৰ শীৰ্ষ ৫ টা লাভৰ তালিকাত অন্তৰ্ভুক্ত হয়। আনহাতে, হিণ্ডালকো ইণ্ডাষ্ট্ৰীজৰ ৩.২১ শতাংশ, জে এছ ডব্লিউ ষ্টীল ২.৯৯ শতাংশ, আইচাৰ মটৰ্ছ ২.১৭ শতাংশ, টাটা ষ্টীল ২.০২ শতাংশ আৰু অ’ এন জি চি ২.০১ শতাংশ হ্ৰাস পাই আজি শীৰ্ষ ৫ টা লোকচান হোৱা প্ৰতিষ্ঠানৰ ভিতৰত আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া