
নতুন দিল্লী, ১১ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে শুকুৰবাৰে ব্ৰিকছৰ সদস্য দেশসমূহক তেওঁলোকৰ পেমেণ্ট ব্যৱস্থাক একত্ৰিত কৰিবলৈ, স্থানীয় মুদ্ৰাৰ বাণিজ্যক প্ৰসাৰিত কৰিবলৈ, আৰু বিশ্বজুৰি ডিজিটেল বাণিজ্যক অধিক সুলভ কৰি তুলিবলৈ আহ্বান জনায়।
নতুন দিল্লীত ব্ৰিকছ বিজনেছ ফ’ৰাম ২০২৬ৰ উদ্বোধনী অধিৱেশনত ভাষণ দি বাণিজ্য মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নিৰ্মাণৰ দিশত উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতৰ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেছে (ইউপিআই) বছৰি ২৫০ বিলিয়ন লেনদেন অতিক্ৰম কৰি বিশ্বৰ সকলো লেনদেনৰ আধাতকৈও অধিক লেনদেন কৰিছে। তেওঁ কয়, “আজি ইউপিআই ১১খন দেশত গ্ৰহণ কৰা হৈছে, আৰু মই ব্ৰিকছৰ সদস্য দেশ আৰু অংশীদাৰ দেশসমূহক আমাৰ পেমেণ্ট ব্যৱস্থাসমূহ সংযোগ কৰিবলৈ, ইজনে সিজনৰ স্থানীয় মুদ্ৰাৰ ব্যৱসায় কৰিবলৈ, ডিজিটেল বাণিজ্যক বিশ্বায়ন কৰিবলৈ, আৰু ভৱিষ্যতৰ উদীয়মান প্ৰযুক্তিসমূহক আগুৱাই নিয়াৰ বাবে একেলগে কাম কৰিবলৈ আহ্বান জনাম।”
গোৱেলে কয় যে অংশীদাৰ দেশসমূহৰ মাজত বাণিজ্য গভীৰ আৰু শক্তিশালী হ’ব লাগে, আৰু যোগান শৃংখলৰ বৈচিত্ৰ্যতা থাকিব লাগে, যাতে বাণিজ্যই কোনো এটা সময়তে কোনো সদস্য দেশৰ বৃদ্ধি আৰু মংগলত বাধাৰ সৃষ্টি নকৰে। গোৱালে ব্ৰিকছ দেশসমূহক ডলাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ তেওঁলোকৰ পেমেণ্ট ব্যৱস্থাক সংযোগ কৰি স্থানীয় মুদ্ৰাৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে শক্তিশালী আৰু সুৰক্ষিত যোগান শৃংখলৰ বাবে জটিল খনিজ আৰু কেঁচামালৰ নিৰৱচ্ছিন্ন আদান-প্ৰদান অতি প্ৰয়োজনীয়। মন্ত্ৰীগৰাকীয়ে পেছাদাৰী গতিশীলতাৰ সুবিধা প্ৰদান কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা আৰু প্ৰদৰ্শনীত মহিলা উদ্যোগীসকলক অধিক সুযোগ প্ৰদানৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
শনিবাৰৰ পৰা ভাৰতত আয়োজন কৰা দুদিনীয়া ব্ৰিকছ সন্মিলনৰ আঁৰত এই ব্যৱসায়িক মঞ্চৰ আয়োজন কৰা হৈছিল। ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু আমেৰিকা-ইৰাণৰ সংঘাতৰ পৰা উদ্ভৱ হোৱা ক্ৰমাৎ বৃদ্ধি পোৱা বিশ্ব অৰ্থনৈতিক অনিশ্চয়তাৰ মাজতে এই সন্মিলন অনুষ্ঠিত হৈছে, য’ত হৰমুজ জলদ্বীপত অৱৰোধ, আমেৰিকা প্ৰশাসনৰ শুল্ক নীতিও অন্তৰ্ভুক্ত। মন কৰিবলগীয়া যে ব্ৰিকছে এক প্ৰভাৱশালী গোট হিচাপে আত্মপ্ৰকাশ কৰিছে, য’ত ১১খন প্ৰধান উদীয়মান অৰ্থনীতি আছে, যিয়ে বিশ্বৰ জনসংখ্যাৰ প্ৰায় ৪৯.৫ শতাংশ, বিশ্বৰ জিডিপিৰ প্ৰায় ৪০ শতাংশ আৰু বিশ্ব বাণিজ্যৰ প্ৰায় ২৬ শতাংশ প্ৰতিনিধিত্ব কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া