খাৰুৱা তেলৰ মূল্য বৃদ্ধি, ভাৰতীয় অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা
নতুন দিল্লী, ১১ ছেপ্টেম্বৰ (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমাগতভাৱে দ্ৰুত গতিত বৃদ্ধি পাইছে। আজি প্ৰতি বেৰেলত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ১১০ ডলাৰৰ ওচৰ চাপিল। একেদৰে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয
प्रतीकात्मक


নতুন দিল্লী, ১১ ছেপ্টেম্বৰ (হি.স.)। পশ্চিম এছিয়াত চলি থকা উত্তেজনাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমাগতভাৱে দ্ৰুত গতিত বৃদ্ধি পাইছে। আজি প্ৰতি বেৰেলত ব্ৰেণ্ট খাৰুৱা তেলৰ মূল্য ১১০ ডলাৰৰ ওচৰ চাপিল। একেদৰে পশ্চিম টেক্সাছ ইণ্টাৰমিডিয়েট (ডব্লিউ টি আই) খাৰুৱা তেলেও আজি প্ৰতি বেৰেলত ১০৫ ডলাৰৰ অতি ওচৰ চাপিছে। খাৰুৱা তেলৰ মূল্যৰ এই তীব্ৰ বৃদ্ধিয়ে ভাৰতৰ অৰ্থনীতিত যথেষ্ট নেতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিছে। খাৰুৱা তেলৰ মূল্যৰ এই উত্থানৰ ফলত মুদ্ৰাস্ফীতি বৃদ্ধি হোৱাৰ লগতে টকা দুৰ্বল হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰা হৈছে।

আমেৰিকা আৰু ইৰাণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰত্যক্ষ সামৰিক সংঘাত আৰু হৰমুজ জলদ্বীপত তেল টেংকাৰত আক্ৰমণৰ পিছত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যই যোৱা চাৰি মাহত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। ভাৰতে ইয়াৰ প্রয়োজনীয় খাৰুৱা তেলৰ প্রায় ৮৫ শতাংশ আমদানি কৰে৷ বজাৰ বিশেষজ্ঞসকলে কয় যে, এটা প্ৰধান তেল আমদানিকাৰক হিচাপে খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে শ্বেয়াৰ বজাৰ, ভাৰতীয় টকাৰ মূল্য, আৰু ঘৰুৱা বজাৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাইছে।

টিএনভি ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ তাৰকেশ্বৰ নাথ বৈষ্ণৱে কয় যে খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত ভাৰতীয় মুদ্ৰা প্ৰথম আৰু সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। ভাৰতীয় তেল কোম্পানীসমূহে তেল আমদানিৰ বিল পৰিশোধ কৰিবলৈ ডলাৰৰ চাহিদা বহু পৰিমাণে বৃদ্ধি কৰিবলগীয়া হৈছে। ডলাৰৰ চাহিদাৰ এই উত্থানৰ ফলত ভাৰতীয় টকা ডলাৰৰ বিপৰীতে ৯৫.৮০ ৰ অভিলেখসংখ্যক নিম্নতম স্তৰলৈ নামি আহিছে।

যদিও ভাৰতীয় ৰিজাৰ্ভ বেংকে নিজৰ বৈদেশিক মুদ্ৰাৰ মজুতৰ পৰা ডলাৰ মুদ্ৰা বজাৰত মুকলি কৰি টকাক সুস্থিৰ কৰিবলৈ অহৰহ চেষ্টা চলাই আছে, তথাপিও যদি খাৰুৱা তেলৰ মূল্য এই স্তৰত থাকে তেন্তে টকাৰ ওপৰত আৰু অধিক চাপ বৃদ্ধি পাব পাৰে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যদিহে ৰিজাৰ্ভ বেংকে মুদ্ৰাৰ বজাৰলৈ ডলাৰৰ প্ৰবাহ বৃদ্ধি কৰে তেন্তে ইয়াৰ ফলত দেশৰ বৈদেশিক মুদ্ৰাৰ মজুতত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।

বৈষ্ণৱে কয় যে পশ্চিম এছিয়াত বৃদ্ধি পোৱা উত্তেজনাৰ ফলত সৃষ্টি হোৱা তেল সংকটৰ প্ৰভাৱ ভাৰতীয় শ্বেয়াৰ বজাৰত স্পষ্টকৈ দেখা গৈছে। অধিক খৰচ আৰু হ্ৰাস পোৱা মাৰ্জিনৰ আশংকাই কেইবাটাও মূল খণ্ডত বিক্ৰীৰ তীব্ৰ চাপৰ সৃষ্টি কৰিছে। আজিও দিনটোৰ ভিতৰতে বিএছই চেন্সেক্সৰ মূল্য ৭৪০ পইণ্টতকৈ অধিক হ্ৰাস পাইছে। পিছলৈ ক্ৰেতাসকলে ইয়াৰ উত্তৰত ক্ৰয়ৰ উত্থান ঘটাই বজাৰখনক কিছু সমৰ্থন আগবঢ়ায়। অৱশ্যে খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত তেল আৰু গেছ খণ্ডৰ মজুতেও প্ৰত্যক্ষভাৱে লাভৱান হৈছে।

একেদৰে খুৰানা ছিকিউৰিটিজ এণ্ড ফাইনেন্সিয়েল চাৰ্ভিচেছৰ চিইঅ’ ৰবিচন্দৰ খুৰাণাই কয় যে আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ ফলত দেশৰ তেল বিপণন কোম্পানীসমূহ আটাইতকৈ বেছি প্ৰভাৱিত হ’ব। ইয়াৰ ফলত তেল বিপণন কোম্পানীসমূহে পেট্ৰ’ল, ডিজেল, চিএনজি, পিএনজি, আৰু এলপিজিৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হ’ব পাৰে। একেদৰে খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে বিমানৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা এয়াৰ টাৰ্বাইন ইন্ধন (এ টি এফ) অধিক ব্যয়বহুল কৰি তুলিব পাৰে, যাৰ ফলত ইতিমধ্যে হেঁচাত পৰিছে দেশৰ বিমান পৰিবহণ খণ্ডত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।

বিশেষজ্ঞসকলৰ মতে খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে ৰং আৰু প্লাষ্টিক উদ্যোগত দুগুণ আঘাতৰ সৃষ্টি কৰিব পাৰে। এই খণ্ডসমূহত খাৰুৱা তেল আটাইতকৈ গুৰুত্বপূৰ্ণ কেঁচামাল। তেলৰ মূল্য বৃদ্ধিৰ ফলত তেওঁলোকৰ লাভৰ হাৰ যথেষ্ট হ্ৰাস পাব পাৰে। এনে পৰিস্থিতিত এই খণ্ডসমূহত কাম কৰা কোম্পানীসমূহে তেওঁলোকৰ সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব পাৰে।

ৰবিচন্দৰ খুৰাণাই কয় যে মুদ্ৰাস্ফীতি বৃদ্ধিৰ আশংকা থাকিলেও অ’ এন জি চি আৰু অইল ইণ্ডিয়া লিমিটেডৰ দৰে ভাৰতীয় খাৰুৱা তেল উৎপাদনকাৰী কোম্পানীৰ শ্বেয়াৰ যথেষ্ট বৃদ্ধি পাব পাৰে। তদুপৰি পেট্ৰ’ল আৰু ডিজেলৰ দৰে গতানুগতিক ইন্ধনৰ মূল্যবৃদ্ধিয়ে টাটা পাৱাৰ আৰু আদানি গ্ৰীণৰ দৰে নবীকৰণযোগ্য শক্তি (সৌৰ আৰু বায়ু শক্তি) খণ্ডলৈ বিনিয়োগকাৰীক দ্ৰুতগতিত আকৰ্ষণ কৰিব পাৰে।

বিশেষজ্ঞসকলে কয় যে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় খাৰুৱা তেলৰ মূল্য বৃদ্ধি হ’লে ভাৰতৰ চলিত একাউণ্টৰ ঘাটি বহল হ’ব পাৰে আৰু সম্ভাৱ্যভাৱে বিত্তীয় ঘাটিৰ লক্ষ্যত উপনীত হ’ব পাৰে। তদুপৰি খাৰুৱা তেলৰ মূল্য বৃদ্ধিয়ে শ্বেয়াৰ বজাৰৰ পৰা বিদেশী মূলধনৰ বহিঃপ্ৰবাহ ত্বৰান্বিত কৰিব পাৰে। একেদৰে অৰ্থনীতিৰ ওপৰত ক্ৰমবৰ্ধমান হেঁচাই চৰকাৰক ৰাজসাহায্য, সুতৰ হাৰ, টকা-ডলাৰৰ বিনিময় হাৰৰ ওপৰত ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ব পাৰে।

বজাৰ বিশেষজ্ঞসকলে কয় যে ১০০ ডলাৰ বা তাৰ ওপৰত খাৰুৱা তেলৰ স্থায়ী মূল্যই মুদ্ৰাস্ফীতিৰ ওপৰত সৰ্বাধিক প্ৰভাৱ পেলাব। ইয়াৰ ফলত মালবাহী খৰচ বৃদ্ধি পাব, শেষত খুচুৰা মুদ্ৰাস্ফীতি বৃদ্ধিত অৰিহণা যোগাব। এই বৃদ্ধি পোৱা মালবাহী ব্যয়ে শাক-পাচলি, ফল-মূল, ঔষধ, আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ ব্যয় আৰু অধিক বৃদ্ধি কৰি সাধাৰণ মানুহৰ বাজেটত ব্যাঘাত জন্মাব। ইয়াৰ উপৰিও বৃদ্ধি পোৱা চলিত একাউণ্টৰ ঘাটিয়ে ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ কিছু সময়ৰ বাবে মন্থৰ হ’ব পাৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande