
ওদালগুৰি, ১১ ছেপ্টেম্বৰ (হি.স.) : ওদালগুৰিত যোৱা কালি বৃহস্পতিবাৰে সন্ধিয়া চাইবাৰ চক্ৰ এটি উৎখাত কৰা হয় । ভুৱা ফোন কলযোগে মাটিৰ প্ৰিমিয়ামৰ নামত ধন সংগ্ৰহ কৰিছিল চক্ৰটোৱে। চক্ৰৰ সৈতে জড়িত দিলদাৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰে ভেৰগাঁও মহকুমা আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত ওদালগুৰিৰ হৰিশিঙা থানাত ভেৰগাঁও মহকুমা আৰক্ষী বিষয়া আৰু ৰাজহ চক্ৰ বিষয়াৰ যৌথ সংবাদমেল অনুষ্ঠিত কৰে ।মাটিৰ প্ৰিমিয়ামৰ নামত ভুৱা ফোন কল কৰি সাধাৰণ লোকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগত দিলদাৰ হুছেইন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰ অনুসৰি, দীৰ্ঘদিন ধৰি হৰিশিঙা, কলাইগাঁও আৰু ওদালগুৰি ৰাজহ চক্ৰৰ নাম ব্যৱহাৰ কৰি ভুক্তভোগীসকলক ফোন কৰিছিল অভিযুক্তই । বিভিন্ন ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ভেৰগাঁও মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত হৰিশিঙা আৰক্ষীৰ সহযোগত অভিযান চলাই শনিতপুৰ জিলাৰ চাৰি দুৱাৰস্থিত নিজ বাসগৃহৰ পৰা দিলদাৰ হুছেইনক আটক কৰে আৰক্ষীয়ে । পৰৱৰ্তী সময়ত C/N 23/26, U/S 61(2), 318(4), 316(5), 308(2) আৰু 317(2) BNS অধীনত হৰিশিঙা থানাত গোচৰ ৰুজু কৰা হয়।
আৰক্ষীয়ে অভিযানত দিলদাৰ হুছেইনৰ পৰা কেইবাখনো ছিম কাৰ্ডৰ লগতে দুটাকৈ স্মাৰ্ট ফোন জব্দ কৰে । ঘটনাটোৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে । লগতে মাটিৰ প্ৰিমিয়ামৰ নামত এনেধৰণৰ ফোন কলৰ সতৰ্ক হোৱাৰ বাবে সংবাদমেল যোগে আহ্বান জনাই আৰক্ষী আৰু চক্ৰ বিষয়াই ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ